গুৱাহাটী, 28 এপ্ৰিল : মহানগৰীৰ সমীপৰ ৰাণীৰ "বৰুণ বেভেৰেজেজ লিমিটেড" কোম্পানীটোত শ শ কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কোম্পানীটোৱে কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে কৰ্মাচাৰীসকলক নিজৰ প্ৰাপ্য প্ৰদান নকৰাৰ অভিযোগ ৷
এই কোম্পানীটোৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ পেপ্চিৰ বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয় ৷ কিন্তু প্ৰতিষ্ঠানটোৱে স্থানীয় কৰ্মচাৰীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ চৰকাৰী অথবা কোম্পানীৰ নীতি অনুসৰি এজন কৰ্মচাৰীয়ে 8 ঘন্টা সময় কৰ্মত নিয়োজিত হৈ থাকিব লাগে কিন্তু কৰ্মচাৰীসকলৰ অভিযোগ অনুসৰি বহিৰাগত এই কোম্পানীটোৱে কৰ্মচাৰী সকলক 12 ঘন্টা পৰ্যন্ত কামত খটুৱায় ৷ লগতে কোম্পানীটোৱে থলুৱা কৰ্মচাৰীক নিজৰ প্ৰাপ্য নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে ৷
ইপিনে শনিবাৰে নিশা 2 বজাত কোম্পানীটোৰ এইচ আৰ ডি দিগন্ত খনিকৰে একাংশ কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰী সকলে ৷ সেয়ে ক্ষুব্ধ কৰ্মচাৰীসকলে কোম্পানীটোৰ সন্মুখত প্ৰতিবাদেৰে উত্তপ্ত পৰিস্থিৰ সৃষ্টি কৰে ৷