ৰঙিয়া, 31 জুলাই : বিগত প্ৰায় 4 বছৰে বন্ধ হৈ আছে ৰঙিয়াৰ তুলসীবাৰীস্থিত বৃহৎ বস্ত্ৰ উদ্যোগ এপল ৷ প্ৰায় 6 শতাধিক কৰ্মচাৰী কৰ্মৰত হৈ আছিল এই উদ্যোগত ৷ এই উদ্যোগটো পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা কেইবাবাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এই পৰ্যন্ত কাৰ্যক্ষম নহ'ল সেই প্ৰতিশ্ৰুতি ৷ যাৰ বাবে শুকুৰবাৰে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে উদ্যাগটোৰ একাংশ কৰ্মচাৰীয়ে ৷ কিয়নো উদ্যোগটো বন্ধ হৈ যোৱাৰ ফলত সম্প্ৰতি যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে উদ্যোগটোত কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলৰ পৰিয়ালে ৷ বহুকেইগৰাকী লোকে দিন হাজিৰা বা কোনো কাম কৰি ভাতমুঠি মোকলাই যদিও, লক্ ডাউন, বান আদিৰ বাবে সম্প্ৰতি বন্ধ হৈ পৰিছে তেওঁলোকৰ উপাৰ্জনৰ সেই বাট ৷
যদি কৰ্মচাৰীসকলৰ প্ৰতি চৰকাৰৰ কোনো দায়বদ্ধতা আছে, জাতি, মাটি, ভেটিৰ দোহাই দিয়া চৰকাৰে এই সকল খিলঞ্জীয়া লোকৰ বাবে অতি শীঘ্ৰেই কোনো উচিত ব্যৱস্থা কৰিব লাগে বুলি অনুৰোধ জনায় ক্ষুব্ধ কৰ্মচাৰীসকলে ৷ যদিহে চৰকাৰে তেওঁলোকৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক 15 আগষ্টৰ পাচত তেওঁলোকৰ এই ক্ষোভ ৰাজপথত প্ৰদৰ্শন কৰা হ'ব বুলি উল্লেখ কৰে তেওঁলোকে ৷ কিয়নো ইতিমধ্যে তেওঁলোকে ৰঙিয়াবাসীৰ লগতে কেইবাটাও দল-সংগঠৰ সমৰ্থন লাভ কৰিছে ৷
উল্লেখ্য যে, এই উদ্যোগত লগত জড়িত দুগৰাকীকৈ কৰ্মচাৰীয়ে ইতিমধ্যে আত্মহত্যাৰ দৰে চৰম পন্থাও বাছি লৈছে ৷ ইয়াৰ বিপৰীতে চিকিৎসাৰ অভাৱত মৃত্যু হৈছে বহুকেইগৰাকী কৰ্মচাৰীৰ ৷ ক্ষুব্ধ ৰাইজে শাসনাধীন চৰকাৰখনক পুঁজিপতি আখ্যা দি, নিৰ্বাচনৰ পূৰ্বে জাতীয় নায়ক হিচাপে পৰিগণিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই জাতীয় উদ্যোগটোৰ প্ৰতি অকণমান সহানুভুতি আগবঢ়াওক বুলি উল্লেখ কৰ তেওঁলোকে ৷
লগতে পঢ়ক: কেন্দ্ৰলৈ 204 কোটি টকাৰ আঁচনি প্ৰেৰণ কৰা হৈছে : ৰাজ্যপাল জগদীশ মুখী