বকো, 16 আগষ্ট: ছয়গাঁৱৰ হাতীপাৰাত বন বিভাগে অভিযান চলায় জব্দ কৰে শাল কাঠৰ কুণ্ডা । জানিব পৰা মতে, অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ শাল কাঠৰ কুণ্ডা জব্দ কৰে বামুণীগাঁও বন বিভাগে । জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ২ লক্ষাধিক টকা বুলি বন বিভাগে জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃ BTAD ত প্ৰাক নিৰ্বাচনী হিংসাঃ ঘৰৰ ভিতৰত সোমাই প্ৰহাৰ UPPL কৰ্মীক
উল্লেখ্য যে, চলিত মাহত কুকুৰমাৰা ৰে’ল গেটত চোৰাং কাঠ কঢ়িয়াই নিয়া এখন টাটা মেজিক জব্দ কৰিছিল কুকুৰমাৰা খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথৰ নেতৃত্বত যোৱা এটা দলে ৷ জব্দ কৰা শাল আৰু নশাল কাঠখিনিৰ মূল্য প্ৰায় ৭০ হাজাৰ হ’ব বুলি বন বিভাগে অৱগত কৰে ৷ ইফালে ছয়গাঁও কুলশী পথেৰে প্ৰায়েই চোৰাং কাঠ সৰবৰাহ হৈ থকাৰ কথা খণ্ড বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷ সেয়ে প্ৰতি নিশাই চোৰাং কাঠ জব্দ কৰাৰ বাবে অভিযান চলাই আহিছে বন বিভাগে ৷