ETV Bharat / state

অসমীয়া যুৱতীক বহিঃৰাজ্যত বিক্ৰীৰ চেষ্টা এহাল দম্পত্তিৰ

author img

By

Published : Feb 12, 2020, 11:36 PM IST

অসমীয়া যুৱতীক বহিঃৰাজ্যত বিক্ৰীৰ চেষ্টা কৰি ৰাইজৰ ৰোষত পৰিল দম্পত্তি ৷ ৰাইজে উত্তম মধ্যম দি গতাই দিয়ে পলাশবাৰী আৰক্ষীক ৷

অসমীয়া যুৱতীক বহিঃৰাজ্যত বিক্ৰীৰ চেষ্টা
অভিযুক্ত মকিব আলি

কামৰূপ/আজাৰা, 12 ফেব্ৰুৱাৰী : অসমীয়া যুৱতীক বহিঃৰাজ্যত বিক্ৰীৰ চেষ্টা কৰি ৰাইজৰ ৰোষত পৰিল এহাল দম্পত্তি ৷ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত শিকাৰ হাতীগাঁৱত সংঘটিত হৈছে এনে এক ঘটনা ৷ পলাশবাৰী হালিগাঁও নিবাসী মকিব আলি আৰু ছয়গাঁৱৰ সনা ৰাভাই দম্পত্তি হিচাপে শিকাৰ হাতীগাঁৱত ভাড়াতীয়া হিচাপে বসবাস কৰি আহিছিল ৷

ৰাইজৰ ৰোষত পৰিল দম্পত্তি

ঘটনাৰ বিৱৰণী অনুসৰি,তিনিদিন পূৰ্বে উক্ত গাঁৱৰ এগৰাকী যুৱতীক প্ৰলোভিত কৰি গোপনে মহানগৰীৰ বৰ্ষাপাৰাৰ এটা পৰিয়ালৰ ঘৰত লুকুৱাই ৰাখিছিল ৷ পাচত যুৱতীগৰাকীক ৰাজস্থানৰ এজন লোকৰ সৈতে ধনৰ বিনিময়ত গটাই দিয়াৰ কথা আলোচনা কৰোতে যুৱতীগৰাকীয়ে সম্ভেদ লাভ কৰে ৷ অৱশেষত অতি গোপনে পৰিয়ালৰ লগত ফোনেৰে যোগাযোগ কৰি কোনোমতে যুৱতীগৰাকীয়ে পলাই আহিবলৈ সক্ষম হয় ৷

যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত ৰাইজক অৱগত কৰাত ৰাইজে দম্পত্তিহালক আবদ্ধ কৰি উত্তম-মধ্যম সোধোৱাৰ লগতে পলাশবাৰী আৰক্ষীক গতাই দিয়ে ৷

আৰু পঢ়ক : বঙাইগাঁৱত বিদ্যুতস্পৃষ্ট হৈ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.