ETV Bharat / sports

ঋষভ পন্তৰ পিছত ভয়ংকৰ দুৰ্ঘটনাত পতিত এইগৰাকী ক্ৰিকেটাৰ; ভিডিঅ’ দেখিলে হতবাক হৈ পৰিব ক্ৰিকেটপ্ৰেমী - ROAD ACCIDENT OF CRICKETER

author img

By ETV Bharat Sports Team

Published : 2 hours ago

Musheer Khan Car Accident: ভাৰতৰ হৈ অনুৰ্ধ 19 দলত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা এগৰাকী ক্ৰিকেটাৰ পথ দুৰ্ঘটনাত পতিত ৷ কৰাচীত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাৰ প্ৰথমটো ভিডিঅ’ আহি পৰিছে ইটিভি ভাৰতৰ হাতত ৷ মুছিৰৰ মোমায়েক শ্বাকিল আহমেদে ইটিভি ভাৰতক যোগান ধৰিছে এই ভিডিঅ’ ৷

ROAD ACCIDENT OF CRICKETER
পথ দুৰ্ঘটনাত পতিত ক্ৰিকেটাৰ (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰ: শনিবাৰে এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী ক্ৰিকেটাৰ ৷ যিগৰাকী ক্ৰিকেটাৰ ভাৰতীয় অনুৰ্ধ 19 দলৰ হৈ আগবঢ়াইছিল চমকপ্ৰদ প্ৰদৰ্শন ৷ এই দুৰ্ঘটনাৰ ফলত ডিঙিত গুৰুতৰভাৱে আঘাত পাইছিল খেলুৱৈগৰাকীয়ে ৷

কৰাচীত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাৰ সময়ত খেলুৱৈগৰাকীয়ে ইৰাণী কাপত অংশগ্ৰহণৰ উদ্দেশ্যে পিতৃৰ সৈতে লক্ষ্ণৌলৈ গৈ আছিল ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত খেলুৱৈগৰাকীৰ বাহনখন কেইবাটাও পাক খাই পথৰ মাজত বাগৰি পৰে ৷ দুৰ্ঘটনাত পতিত হোৱা ক্ৰিকেটাৰগৰাকী হৈছে চৰফৰাজ খানৰ ভাতৃ মুছিৰ খান ৷

দুৰ্ঘটনাৰ ভিডিঅ’ (ETV Bharat)

মুছিৰে 1 অক্টোবৰৰ পৰা 5 অক্টোবৰলৈ লক্ষ্ণৌত ইৰাণী কাপত অংশগ্ৰহণ কৰাৰ কথা আছিল । ইয়াৰ বাবে তেওঁ শনিবাৰে লক্ষ্ণৌলৈ গৈ আছিল ৷ ক্ৰিকেটাৰগৰাকী দুৰ্ঘটনাত পতিত হোৱাৰ খবৰটো মুম্বাইৰ বাবে দুৰ্ভাগ্যজনক ৷

অৱশ্যে ক্ৰিকেটাৰগৰাকীৰ আঘাত কিমান গুৰুতৰ, সেয়া জানিব পৰা হোৱা নাই ৷ অৱশ্যে এই দুৰ্ঘটনাৰ পিছত খেলুৱৈগৰাকী ইৰাণী কাপৰ পৰা বাহিৰ হোৱাটো প্ৰায় নিশ্চিত । এই দুৰ্ঘটনাৰ প্ৰথমটো ভিডিঅ’ আহি পৰিছে ইটিভি ভাৰতৰ হাতত ৷ মুছিৰৰ মোমায়েক শ্বাকিল আহমেদে ইটিভি ভাৰতক যোগান ধৰিছে এই ভিডিঅ’ ৷

এম চি এ-ৰ এজন শীৰ্ষ বিষয়াই ইটিভি ভাৰতক সদৰী কৰা অনুসৰি, মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনে আঘাতপ্ৰাপ্ত মুছিৰ খানৰ স্থানত কোনো খেলুৱৈক দলত বৰ্তমানলৈকে অন্তৰ্ভুক্ত কৰা নাই ৷

মুছিৰৰ অনুপস্থিতিত মুম্বাইয়ে বেটছমেন পৃথ্বী শ্ব’ আৰু হাৰ্দিক টামোৰৰ সৈতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে ৷ অধিনায়ক আজিংক্য ৰাহানে মিডল অৰ্ডাৰত বেটিং কৰিব পাৰে । এই মেচ অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: বিমানবন্দৰত সংঘটিত এই কাৰ্যত দুখ প্ৰকাশ হাৰ্দিক সিঙৰ - INDIAN HOCKEY TEAM AT AIRPORT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.