ৰঙিয়া, 3 আগষ্ট : ৰাজ্যত সৰ্প দংশনত মৃত্যু এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ নাম জেনী বেগম । ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি,নলবাৰীৰ মেৰকুছীত বিয়া হোৱা জেনী বেগমক দেওবাৰে সন্ধিয়া সাপে দংশন কৰে ৷ লগে লগে মহিলাগৰাকীক স্বামী গৃহৰ লোকে নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু ইতিমধ্যে চিকিৎসকে মহিলাগৰাকীক মৃত ঘোষণা কৰে ৷
লগতে পঢ়কঃ ৰাখী বন্ধন ভাতৃ আৰু ভগ্নীৰ বিশ্বাস তথা মৰমৰ ধাগাঃ ৰামনাথ কোবিন্দ
পৰৱৰ্তী সময়ত, মৃত জেনী বেগমক মাতৃ গৃহ ৰঙিয়ালৈ অনা হয় ৷ ৰঙিয়াৰ গৰীৱ কলনীত মৃত জেনী বেগমক কবিৰাজে জৰা-ফুকা কৰে ৷ কিন্তু সুফল নাপায় ৷ ইতিমধ্যে মৃত্যু হোৱা মহিলাগৰাকীক জানাজা দিবলৈ সাজু হয় যদিও কবিৰাজে নিজৰ জৰা-ফুকা অব্যাহত ৰাখে ৷ কবিৰাজৰ বেজালিৰ অন্ধবিশ্বাসৰ বলি হয় মহিলাগৰাকীক পুনৰ জীৱিত কৰিবলৈ সকলোৱে বাট চায় যদিও অৱশেষত নিয়তিৰ আগত সকলোৱে হাৰ মানি লয় ৷ উল্লেখ্য যে,মৃত জেনী বেগমৰ বয়স 20 বছৰ বুলি জানিব পৰা গৈছে ৷