কামৰূপ,4 জুন : আজিৰে পৰা পুনৰ বন্ধ হৈ পৰিব শৰাইঘাটৰ পুৰণি দলং ৷ প্ৰায় 3 মাহৰ বাবে মেৰামতি কৰাৰ উদ্দেশ্যে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ পূৱ সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই ৷ কিন্তু পুৰণি দলংখন বন্ধ থাকিলেও নতুন দলংখনেৰে যাতায়ত অব্যাহত ৰাখিব পাৰিব যাত্ৰীসকলে ৷
উল্লেখ্য যে, দুবছৰ পূৰ্বেও 9 কোটি টকা ব্যয় সাপেক্ষে দলংখন মেৰামতি কৰা হৈছিল যদিও পুনৰ কিছু কিছু অংশত মেৰামতি কৰাৰ উদ্দেশ্যে প্ৰায় 3 মাহৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ৷
লগতে পঢ়ক: নামৰূপত সাজি উলিওৱা হৈছে 50 খন বিছনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্ৰ