ETV Bharat / state

মন্ত্ৰীৰ ভাষ্য কিয় বাৰে বাৰে খণ্ডণ কৰিবলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে ?

author img

By

Published : Aug 7, 2021, 7:07 PM IST

Updated : Aug 7, 2021, 10:00 PM IST

দায়িত্ব গ্ৰহণ কৰাৰ পাছত তিনি মাহ সম্পূৰ্ণ হোৱা চৰকাৰখনত মন্ত্ৰীসকলে বহু সময়ত কোৱা বহু কথাই বিতৰ্কৰ সৃষ্টি কৰি আহিছে ৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে ৷ কিন্তু কিয় বাৰে বাৰে সংঘটিত হৈছে এইধৰণৰ ঘটনা ?

why-himanta-has-to-refute-to-statements-of-his-cabinet-colleagues
মন্ত্ৰীৰ ভাষ্য কিয় বাৰে বাৰে খণ্ডন কৰিবলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে ?

গুৱাহাটী, 7 আগষ্ট : বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনত মন্ত্ৰীসকল আৰু মুখ্যমন্ত্ৰীৰ মাজত সমন্বয়ৰ অভাৱ হৈছে নেকি ? বৰ্তমান সময়ত প্ৰায়ে মন্ত্ৰীসকলে কোৱা কথাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিবলগীয়া হোৱা বিষয়টোৱে এই প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ কাৰণ তিনি মাহ সম্পূৰ্ণ হোৱা চৰকাৰখনত মন্ত্ৰীসকলে বহু সময়ত কোৱা বহু কথাই বিতৰ্কৰ সৃষ্টি কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিবলগীয়া হৈছে ৷ মন্ত্ৰীৰ সিদ্ধান্তক মুখ্যমন্ত্ৰীয়ে সলনি কৰি ক'বলগীয়া হৈছে ৷

why-himanta-has-to-refute-to-statements-of-his-cabinet-colleagues
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ভাষ্য খণ্ডন কৰিলে মুখ্যমন্ত্ৰীয়ে

বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে নিজৰে মন্ত্ৰীৰ ভাষ্য খণ্ডণ কৰি তত নোপোৱা হৈছে ৷ বিগত তিনিমাহত বহুবাৰ সংঘটিত হৈছে এই ঘটনা ৷ যাক লৈ বিৰোধীৰ সমালোচনাৰো সন্মুখীন হ'বলগীয়া হৈছে ৰাজ্য চৰকাৰ ৷ উল্লেখ্য যে, 3 আগষ্টত 'সেৱাই পঞ্চায়ত' অনুষ্ঠানত গাঁও পঞ্চায়তৰ বাবে আদৰ্শ নাগৰিক চনদ মুকলি কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কৈছিল গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ বাবে পঞ্চায়তৰ অনুমতি লোৱাৰ লগতে কৰ বা মাছুল আদায় দিব লাগিব ৷

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ভাষ্য সন্দৰ্ভত স্পষ্টীকৰণ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাসৰ এই ঘোষণাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আনকি বিধানসভাতো ইয়াৰ প্ৰতিবাদ কৰা হয় ৷

লগতে পঢ়কঃ গ্ৰাম্য কৰৰ কথা কৈ বিপদত ৰণজিৎ কুমাৰ দাস : পদত্যাগৰ দাবী বিৰোধীৰ

ৰাজ্যজুৰি ব্যাপক সমালোচনা হোৱাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্ৰী ৰণজিৎ দাসৰ এই ঘোষণা ৰাজ্য চৰকাৰে নসাৎ কৰে ৷ ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে বহুবাৰ নিজৰে সতীৰ্থ মন্ত্ৰীৰ সিদ্ধান্ত তথা ঘোষণা সালসলনি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ক'ভিড পৰিস্থিতি মাজতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজ্য চৰকাৰে কৰা বহুকেইটা ঘোষণাৰ মাজত সামঞ্জস্য নথকা দেখা গৈছে ৷

লক্ষণীয়ভাৱে স্বাস্থ্যমন্ত্ৰীয়ে ৰাজ্যৰ ক'ভিড পৰিস্থিতি পৰ্যালোচনা কৰি দুই-তিনিদিনৰ ভিতৰত নতুন এছ অ' পি ঘোষণা কৰা হ'ব বুলি সংবাদমেলত সদৰি কৰাৰ দিনাই সন্ধিয়া মুখ্য সচিবে প্ৰকাশ কৰে নতুন এছ অ' পি ৷ কথাৰ এনে সামঞ্জস্যহীনতাৰ বাবে বহু সময়ত জনগণ বিভ্ৰান্ত হ'বলগীয়া হয় ৷

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সামঞ্জস্যহীন মন্তব্য

সেইদৰে স্বাস্থ্যমন্ত্ৰীয়ে আগষ্টৰ প্ৰথম সপ্তাহত আন্তঃজিলা যাতায়াত মুকলি কৰি দিয়াৰ সপক্ষে মত প্ৰকাশ কৰিছিল ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃজিলা যাতায়াত আৰম্ভ কৰাটো সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছিল ৷

লগতে পঢ়কঃ ভিত্তিহীন হৈ পৰিব নেকি দুবছৰীয়া বিএড পাঠ্যক্ৰম?

আনহাতে, শিক্ষামন্ত্ৰীৰ ঘোষণাৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি সিদ্ধান্ত সলনি কৰিবলগীয়া হৈছে ৷ পৰীক্ষা অবিহনে বিকল্প মূল্যায়ণ ব্যৱস্থাৰে ঘোষণা কৰা এইবাৰৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলৰ চাৰ্টিফিকেট চৰকাৰী চাকৰিৰ বাবে গ্ৰহণযোগ্য নহ'ব বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছিল ৷

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সিদ্ধান্ত বাতিল কৰিছিল মুখ্যমন্ত্ৰীয়ে

এই ঘোষণাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ বিভিন্ন দল-সংগঠন তথা শিক্ষাৰ্থী-অভিভাৱকসকল জাঙুৰ খাই উঠিছিল ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে ছাত্ৰ সংগঠনৰে বৈঠক অনুষ্ঠিত কৰি শিক্ষামন্ত্ৰীৰ সিদ্ধান্ত বাতিলৰ নিৰ্দেশ দিয়ে ৷ ইফালে শক্তিমন্ত্ৰী বিমল বৰাই দিয়া নিৰ্দেশৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিবলগীয়া হয় ৷

শক্তিমন্ত্ৰী বিমল বৰাই অনাদায় বিদ্যুৎ মাছুল আদায় কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক বিদ্যুতৰ মাছুল আদায় দিয়া ৰচিদ জমা দিয়াৰ কথা কৈছিল ৷ অন্যথা কৰ্মচাৰীসকলে দৰমহা লাভ নকৰিব বুলি মন্তব্য কৰছিল বিমল বৰাই ৷ মন্ত্ৰী গৰাকীৰ এই ঘোষণাৰ পাছতে জাঙুৰ খাই উঠে ৰাজ্যৰ কৰ্মচাৰী সমাজ ৷ এই বিষয়টো মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিবলগীয়া হয় ৷

শক্তিমন্ত্ৰী বিমল বৰাৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলগীয়া হৈছিল মুখ্যমন্ত্ৰীয়ে

এই সকলোবোৰ ঘটনাই এতিয়া সাধাৰণ ৰাইজৰ মনত প্ৰশ্নৰ সৃষ্টি কৰিছে যে,বিজেপি নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰখনত মন্ত্ৰীসকলৰ আৰু মুখ্যমন্ত্ৰীৰ মাজত সমন্বয়ৰ অভাৱ হৈছে নেকি? কাৰ্যত মুখ্যমন্ত্ৰীয়ে এতিয়া সতীৰ্থ মন্ত্ৰীৰ বিভিন্ন বক্তব্য তথা সিদ্ধান্তৰ ক্ষেত্ৰত বিশেষ নজৰ ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

লগতে পঢ়কঃ মেৰাপানীত NSCNৰ শিবিৰ ধ্বংস কৰিলে অসম ৰাইফলছে

Last Updated : Aug 7, 2021, 10:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.