ETV Bharat / state

ৰঙিয়াত বহিৰাগত বণিয়াৰ মইমতালি - rangia whole sale addition price

যোগান মন্ত্ৰী অথবা যোগান বিভাগক কেৰেপ নকৰে বহিঃৰাজ্যৰ পাইকাৰী ব্যৱসায়ীয়ে ৷ প্ৰতি বেগ পিয়াজৰ মূল্য ৰচিদত লিখাতকৈ তিনিশ টকাকৈ বেছিকৈ লোৱাৰ অভিযোগ

whole sale businessman taking additional price in rangia
ৰঙিয়াত বহিৰাগত বণিয়াৰ মইমতালি
author img

By

Published : Jun 10, 2021, 11:05 PM IST

ৰঙিয়া,10 জুন : যোগান মন্ত্ৰী অথবা যোগান বিভাগক কেৰেপ নকৰে পাইকাৰী ব্যৱসায়ীয়ে । মইমতালিৰে বঢ়াইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম । প্ৰতি বেগ পিয়াজৰ মূল্য ৰচিদত লিখাতকৈ তিনিশ টকাকৈ বেছিকৈ লোৱাৰ অভিযোগ পাইকাৰী ব্যৱসায়ীয়ে বিৰুদ্ধে ।

ৰঙিয়াৰ ডিমুৰ ব্যৱসায়ীয়ে প্ৰতিবাদ কৰাৰ বাবেই ধমকি দিলে বহিঃৰাজ্যৰ পাইকাৰী ব্যৱসায়ীয়ে । উল্লেখযোগ্য যে বৰ্তমান সময়ত ৰঙিয়াৰ ডিমুৰ ব্যৱসায়ীসকলে অতি কম লাভাংশ ৰাখি গ্ৰাহকক অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰিছিল । কেইদিনমানপূৰ্বে ব্যৱসায়ীসকলৰ পদক্ষেপক প্ৰশংসা কৰি যোগান মন্ত্ৰী ৰণজিৎ দাসে নিজে আহি ব্যৱসায়ীসকলক সম্বৰ্ধনা জনাইছিল । কিন্তু এতিয়া সেই ব্যৱসায়ীসকলে পাইকাৰী ব্যৱসায়ীৰ পৰা ধমকি খাব লগা ঘটনা পোহৰলৈ আহিছে ।

ৰঙিয়াত বহিঃৰাজ্যৰ পাইকাৰী ব্যৱসায়ীয়ে অতিৰিক্ত দাম লোৱাৰ অভিযোগ

আমিনগাঁৱৰ চকীগেটৰ বজৰংগ এণ্ড কোঃ নামৰ পাইকাৰী দোকানৰ স্বত্বাধিকাৰীয়ে ৰচিদত লিখাতকৈ লৈছে অত্যাধিক মূল্য বুলি জানিব পৰা গৈছে । ৰঙিয়া ডিমুৰ ব্যৱসায়ীয়ে এই কথাত প্ৰতিবাদ কৰাৰ বাবেই ধমকি দিলে পাইকাৰী ব্যৱসায়ীয়ে । খুচুৰা ব্যৱসায়ীগৰাকীয়ে ৰচিদ লিখাতকৈ বেছি মূল্য লোৱা ভিডিঅ মোবাইলত আৱদ্ধ কৰিছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে ভূক্তভোগী খুচুৰা ব্যৱসায়ীয়ে ৰঙিয়া যোগান বিভাগ, ৰঙিয়া মহকুমাধিপতি আৰু কামৰূপ উপায়ুক্তত অভিযোগ দিছে ।

এতিয়া প্ৰশ্ন হ’ল যদি পাইকাৰী ব্যৱসায়ীয়ে নিজ ময়মতালিৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ লগতে ৰচিদত লিখা দামতকৈ অত্যাধিক দাম লয় তেন্তে খুচুৰা ব্যৱসায়ীয়ে কি কৰিব ৷ অত্যাধিক মূল্যত ক্ৰয় কৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ মাধমাৰ সাধাৰণ গ্ৰাহকৰ ওপৰত নপৰিবনে ! যদি অভিযোগ সঁচা হয় তেন্তে বহিঃৰাজ্যৰ ব্যৱসায়ীৰ ওপৰত যোগান বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক :মৰিয়নীৰ ৰাজপথত দাওদাওকৈ জ্বলিল মালবাহী ট্ৰাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.