ETV Bharat / state

লক ডাউন4.0: ভীষণ খোৱাপানীৰ সমস্যাত আমিনগাঁওবাসী

author img

By

Published : May 23, 2020, 1:52 PM IST

বিশুদ্ধ খোৱাপানী টুপিৰ বাবে জালুকবাৰী সমষ্টিৰ আমিনগাঁৱৰ চিলা মহেখাইতি গাঁৱৰ সহস্ৰাধিক জনতাৰ মাজত হাহাকাৰ পৰিস্থিতি । নিজৰাৰ অপৰিস্কাৰ পানী খাই জীয়াই আছে গাঁওবাসী ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগক অৱগত কৰাৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷

আমিনগাঁৱত খোৱাপানীৰ সমস্যা
আমিনগাঁৱত খোৱাপানীৰ সমস্যা

আমিনগাঁও, 23 মে’: জালুকবাৰী সমষ্টিৰ আমিনগাঁৱৰ চিলা মহেখাইতি গাঁৱত বিশুদ্ধ খোৱাপানীৰ অভাৱত নিজৰাৰ অপৰিস্কাৰ পানী খাই তৃষ্ণা দূৰ কৰিছে গাঁওবাসীয়ে । প্ৰায় 2/3 কিলোমিটাৰ খোজকাঢ়ি গৈ মহিলাসকলে নিজৰাৰ পৰাই ঘৰলৈ নিবলগীয়া হয় খোৱাপানী । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি নিজৰাৰ পানী নিবলৈ যাওঁতে বহুকেইজন লোক দুৰ্ঘটনাত পতিত হোৱা বুলিও জানিব পৰা গৈছে ।

আমিনগাঁৱত খোৱাপানীৰ সমস্যা

জনস্বাস্থ্য কাৰিকৰী বিভাগক বাৰম্বাৰ অনুৰোধ কৰিও কোনো সুফল লাভ নকৰাৰ অভিযোগ অঞ্চলবাসীৰ । নিজৰাৰ অপৰিস্কাৰ পানী খাই বিভিন্ন ৰোগত আক্ৰান্তও হ’বলগীয়া হৈছে অঞ্চলটোৰ বহু লোক ।

লগতে পঢ়ক: লক ডাউনঃ নগাঁৱৰ ৰূপহীহাটত বিল নিদিয়াৰ বাবেই কৰ্তন কৰে বিদ্যুৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.