ETV Bharat / state

ছয়গাঁৱত কৰুণ মৃত্যু 10 টাকৈ শগুণৰ

author img

By

Published : Feb 14, 2020, 4:53 PM IST

ছয়গাঁৱৰ বামুণীগাঁও ফাৰ্মহাউচৰ সমীপত অঘটন। কৰুণ মৃত্যুক সাৱতি ল’লে মুঠ 10 টাকৈ শগুণে ৷

ছয়গাঁৱত কৰুণ মৃত্যু 10 টাকৈ শগুণৰ
ছয়গাঁৱত কৰুণ মৃত্যু 10 টাকৈ শগুণৰ

কামৰূপ,14 ফেব্ৰুৱাৰীঃ ছয়গাঁৱৰ বামুণীগাঁও ৰে'ল পথৰ দাঁতিত উদ্ধাৰ হ’ল 10 টাকৈ শগুণৰ মৃত্যুদেহ ৷ শুকুৰবাৰে অঞ্চলটোৰ ৰে'ল পথৰ দাঁতিত উদ্ধাৰ হয় মুঠ 12 টাকৈ শগুণ ৷ ইতিমধ্যে 10 টা শগুণৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে অসুস্থ দুটা শগুণক চিকিৎসাৰ বাবে ৰাণীলৈ প্ৰেৰণ কৰা হৈছে ৷ ছয়গাঁৱৰ বামুণীগাঁও ফাৰ্মহাউচৰ সমীপত সংঘটিত হয় এই অঘটন ।

ছয়গাঁৱৰ বামুণীগাঁও ফাৰ্মহাউচৰ সমীপত অঘটন

জানিব পৰা অনুসৰি মৰা ছাগলী ভক্ষণৰ পাচতেই ক্ৰমাৎ অসুস্থ হৈ পৰে শগুণ কেইটা ৷ কিন্তু ৰহস্যজনক ভাৱে সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছে স্থানীয় বন বিভাগে । ঘটনা সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰিব বিচৰা নাই বামুণীগাঁও বন বিভাগে তাকে লৈয়ে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.