গুৱাহাটী, ২০ ডিচেম্বৰ : দীপৰ বিল বুলি ক'লেই পৰিভ্ৰমী পক্ষীৰ কাকলিৰে মুখৰিত এক অনন্য পৰিৱেশৰ ছবি চকুৰ আগত ভাহি উঠে (Dipor Bil in Guwahati)। কিন্তু এতিয়া দীপৰ বিলৰ পৰিৱেশ সম্পূৰ্ণ সলনি হৈ পৰিছে । ভয়াৱহভাৱে প্ৰদূষিত হৈছে বিলখন (Polluition in Dipor bil)। সেয়ে, গুৱাহাটী মহানগৰীৰ হৃদপিণ্ড স্বৰূপ, দেশী-বিদেশী পৰিভ্রমী পক্ষীৰ বিচৰণভূমি তথা বিশ্বৰ অন্যতম জলাশয় হিচাপে পৰিচিত হৈ অহা দীপৰ বিল চিৰদিনৰ বাবে সঠিকভাৱে সংৰক্ষণৰ বাবে চৰকাৰক দাবী জনাইছে বিলৰ দক্ষিণ দিশত গাতে লগা চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহে(Conservation and maintenance of Dipor Bil) ।
আনকি, কলিতাপাৰা ৰাইজে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী তথা সাংবিধানিকভাৱে দীপৰ বিল সংৰক্ষণ আৰু উন্নয়ন ছ'চাইটিৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মাকো অনুৰোধ জনাইছে(Villagers of Kalitapara requests to protect Dipor Bil) । সমান্তৰালভাৱে কলিতাপাৰা ৰাইজে এই ক্ষেত্ৰত পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।
কলিতাপাৰা ৰাইজ গয়ৰহৰ সম্পাদক প্ৰমোদ কলিতাই এক সংবাদ বিবৃতিযোগে জানিবলৈ দিয়া মতে, দীপৰ বিলৰ দক্ষিণ দিশত থকা ৰে'লপথ, বিলখনৰ এটা দিশত পশ্চিম বৰাগাঁৱৰ বেলৰতলত গুৱাহাটী পৌৰ নিগমে প্ৰায় পাঁচ মাহ পূৰ্বে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড আৰু বিলখনত পামহী নলেৰে গুৱাহাটীৰ দূষিত পানীভাগ অহৰহভাৱে পেলাই অহা বাবে বিলখন অধিক প্ৰদূষিত হৈ আহিছে ।
চৰকাৰে কৰা কেতবোৰ কামৰ বাবেই শেহতীয়াকৈ বিলখনৰ পানী অধিক প্ৰদূষিত হোৱা বাবে বেছিভাগ জলজ উদ্ভিদ, মাছ, কাছকে ধৰি জলজ প্ৰাণীসমূহ মৰি গৈছে (Dipor Bil Pollution)। আনকি, পৰিভ্ৰমী চৰাই আহিছে যদিও পানী প্ৰদূষিত হৈ পৰা, জলজ উদ্ভিদ আৰু প্ৰাণীসমূহ মৰি যোৱা আদিৰ বাবে চৰাইবোৰ অধিকাংশই উভতি গৈছে ।
ইফালে, ভূতৰ ওপৰত দানহ পৰা দি ১৯৮৯-৯০ চনত নিৰ্মাণ কৰা আজাৰা-কামাখ্যা সংযোগী ৰে'লপথচোৱাই দীপৰ বিললৈ কাষৰীয়া ৰাণী বনাঞ্চলৰ পৰা অহা বনৰীয়া হাতীৰ পথ ৰুদ্ধ কৰি অহাৰ মাজতে ৰে'ল মন্ত্ৰণালয়ে ৰে'লপথচোৱাক দ্বৈত ৰে'ল লাইনলৈ উন্নীতকৰণ কৰি ইতিমধ্যে বৈদ্যুতিকৰণৰ কাম আৰম্ভ কৰিছে ।
ইয়াকে লৈ চকৰদৌকে ধৰি বিলৰ দক্ষিণ দিশৰ অংশৰ বাসিন্দাসকল আতংকিত হৈ পৰিছে । সেয়ে, বিলখনক স্বাভাৱিক অৱস্থালৈ ঘুৰাই অনাৰ স্বাৰ্থত কলিতাপাৰা ৰাইজ গয়ৰহে মুখ্যমন্ত্ৰীক অগ্ৰাধিকাৰ ভিত্তিত দীপৰ বিলৰ দাঁতিত আৱৰ্জনা পেলোৱা কাম বন্ধ কৰা, দ্বৈত ৰে'লপথ নিৰ্মাণৰ সিদ্ধান্ত বাতিল কৰা, পামহী কেনেলৰে গুৱাহাটীৰ দূষিত পানীভাগ পেলোৱা কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনাইছে ।
লগতে মাছমৰীয়া, পশুপালক আৰু কৃষিজীৱি ৰাইজৰ জীৱন-জীৱিকা সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে । যদি এইখিনি কাম শীঘ্ৰে আৰম্ভ কৰা নহয়, তেন্তে ৰাইজে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও সম্পাদক প্ৰমোদ কলিতাই সকীয়াই দিছে ।
লগতে পঢ়ক:Police picnic in Silghat : আৰক্ষী অধীক্ষক সহিতে ত্ৰিশূলধাৰীত আৰক্ষীৰ বনভোজ