ETV Bharat / state

বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হ'ল 'ভিলেজ ৰকষ্টাৰ্ছ' - সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হ'ল 'ভিলেজ ৰকষ্টাৰ্ছ'

এইবাৰ অসমৰ শিক্ষাখণ্ডৰ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত হ'ল 'ভিলেজ ৰকষ্টাৰ্ছ' ৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হ'ল কাহিনীটো ৷

বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত 'ভিলেজ ৰকষ্টাৰ্ছ'
কাহিনীৰ মূল চৰিত্ৰ ভনীতা দাস আৰু মাতৃ
author img

By

Published : Feb 9, 2020, 7:58 PM IST

ছয়গাঁও, 9 ফেব্ৰুৱাৰী : অসম চৰকাৰৰ শিক্ষা বিভাগৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হ’ল স্বৰ্ণকমল বঁটাপ্ৰাপ্ত ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ' ৷ এই লৈ কাহিনীৰ মূল পটভূমি কামৰূপ জিলাৰ ছয়গাঁৱৰ দগাঁও কালাৰদিয়া গাঁৱত এতিয়া আনন্দৰ বন্যা বৈছে ৷

বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত 'ভিলেজ ৰকষ্টাৰ্ছ'

'ভিলেজ ৰকষ্টাৰ্ছ'ৰ ধুনু নামৰ ছোৱালীজনী আৰু তাইৰ গীতাৰখনৰ কাহিনীটো বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হোৱাক লৈ কাহিনীৰ মূল চৰিত্ৰ ভনীতা দাসে নিজৰ ভাৱ প্ৰকাশ কৰে ৷ গাঁওখনৰ শিশুসকলেও এই খবৰ লাভ কৰাৰ পাচতে উৎফুল্লিত হৈ পৰিছে ৷ ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছে' বিশ্ব দৰবাৰত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱাৰ পাচত এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰি অন্য এক মাত্ৰা প্ৰদান কৰাত স্বাভাৱিকতে আনন্দ প্ৰকাশ কৰিছে সকলোৱে ৷

আৰু পঢ়ক : বঢ়মপুৰত ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন

Intro:স্বৰ্ণকমল বঁটাপ্ৰাপ্ত ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্চ এইবাৰ অন্তৰ্ভুক্ত হ’ল বিদ্যালয়ৰ পাঠ্যক্ৰমত ৷ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল ভিলেজ। ৰকষ্টাৰ্চ ৷ এই লৈ এতিয়া ভিলেজ ৰকষ্টাৰ্চৰ গাঁও দগাঁও কালাৰদিয়াত আনন্দৰ বন্যা ৷ Body:ছয়গাঁও ৯ ফেব্ৰুৱাৰী:এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্চৰ কাহিনী । এই লৈ এতিয়া কামৰূপ জিলাৰ ছয়গাঁৱৰ দগাঁও কালাৰদিয়া গাঁৱত বৈছে আনন্দৰ বন্যা। উল্লেখযোগ্য যে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ জীয়ৰী ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্চ, বুলবুল কেন চিং এ সফলতাৰ শীৰ্ষত আৰোহণ কৰাৰ পিছত এইবাৰ আন এক সুখৰ খবৰে বোৱাইছে আনন্দৰ বন্যা । ভিলেজ ৰকষ্টাৰ্চৰ ধুনু নামৰ ছোৱালীজনী আৰু তাইৰ গীতাৰখনৰ কথা আপোনাৰ নিশ্চয় মনত আছে । এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ সপ্তম শ্ৰেণীৰ ইংৰাজী বিভাগৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল এই ধুনুৰ কাহিনী । কণমাণি ছোৱালীজনীৰ জীৱন কেন্দ্ৰিক চিন্তাৰে সমৃদ্ধ ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্চ আজি অতুলনীয় । কাহিনীৰ মূল পটভূমি দগাঁও কালাৰদিয়া গাঁৱত এতিয়া বৈছে কেৱল আনন্দৰ বন্যা। বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাক লৈ ধুনু অৰ্থাৎ ভনীতা দাসে নিজৰ ভাৱ ব্যক্ত কৰিলে অতি আনন্দৰে । আনহাতে গাঁওখনৰ শিশুহতঁৰো গাত তত নাইকিয়া হৈছে। নিজৰ গাঁৱৰ কথা কাহিনীৰে উজ্বিৱীত বায়েক ধুনু আজি সিহঁতৰ পাঠ্যক্ৰমত। ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্চে বিশ্ব দৰবাৰত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱাৰ পিছত এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি অন্য এক মাত্ৰা প্ৰদান কৰিলে ভিলেজ ৰকষ্টাৰ্চক ৷Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.