ETV Bharat / state

Cattle seized: ৰঙিয়াত আৰক্ষীৰ অভিযানত জব্দ গৰু ভৰ্তি বাহন - ৰঙিয়াত আৰক্ষীৰ অভিযানত জব্দ গৰু ভৰ্তি বাহন

ৰঙিয়াৰ চোছাইটি চকৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙৰ নেতৃত্বত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে দুখন গৰু ভৰ্তি বাহন(Vehicles loaded with Cattle) ৷ বাহনখনৰ পৰা জব্দ মুঠ 37 টাকৈ গৰু ৷

vehicles-loaded-with-cattle-seized-at-rangia
ৰঙিয়াত আৰক্ষীৰ অভিযানত জব্দ গৰু ভৰ্তি বাহন
author img

By

Published : Jul 26, 2022, 2:02 PM IST

ৰঙিয়া, 26 জুলাই: সোমবাৰে ৰঙিয়াৰ চোছাইটি চকৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰা হয় দুখন গৰু ভৰ্তি টাটা ডি আই আৰু এখন টাটা মেজিক বাহন ৷ মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙৰ নেতৃত্বত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই গৰুভৰ্তি বাহন তিনিখন জব্দ কৰিবলৈ সক্ষম হয় (Vehicles loaded with Cattle) ।

পশু আইন উলংঘা কৰি তিনিখন বাহনত কঢ়িয়াই নিয়া হৈছিল ৩৭ টাকৈ গৰু । জানিব পৰা মতে, বাইহাটা চাৰিআলিৰ সমীপৰ বালিকুছিৰ পৰা বৰপেটাৰ বহৰীলৈ নিয়া হৈছিল গৰুকেইটা । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৰু কঢ়িয়াই নিয়া বাহনকেইখনৰ লগত নাছিল আন্তঃজিলা পাৰ হোৱা কোনো অনুজ্ঞাপত্ৰ (Vehicles loaded with Cattle seized at Rangia) ।

ৰঙিয়াত আৰক্ষীৰ অভিযানত জব্দ গৰু ভৰ্তি বাহন

এই খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই গৰুভৰ্তি বাহনকেইখন জব্দ কৰাৰ লগতে 8 জন লোকক আটক কৰে । আটকাধীন গৰু সৰবৰাহকাৰী কেইটা ক্ৰমে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ চুলতান আলী, মজনুৰ হুছেইন, আছৰাফুল আলী, নুৰুদ্দিন, ৰঙিয়াৰ তুলসীবাৰীৰ কমল আলী, ৰফিকুল খান, ফজল খান আৰু দৰং জিলাৰ ছিপাঝাৰৰ চাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে ।

বৰ্তমান ঘটনা সন্দৰ্ভত আটাইকেইজনৰে ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । আনহাতে, তিনিখন সৰু বাহনত ৩৭ টাকৈ গৰু কঢ়িয়াই নিয়াত জীৱ-জন্তুক অত্যাচাৰ কৰা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক : Cattle Smuggling in Kaliabor : কলিয়াবৰত গৰুভৰ্তি বাহন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.