বকো,15 জুন : মঙলবাৰে কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত শিঙৰাৰ সমীপৰ শালনিত সংঘটিত হৈছে এক অঘটন ৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ শালনিত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো সম্পৰ্কে আৰক্ষীয়ে লাভ কৰা কোনো তথ্য ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মৃত লোকজনৰ আনুমানিক বয়স প্ৰায় 50 বছৰ ৷
ইফালে বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ে এয়া এক আত্মহত্যাৰ ঘটনা বুলি উল্লেখ কৰিছে ৷ কিয়নো মৃত লোকজনৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন পৰিলক্ষিত নাই ৷ সম্প্ৰতি লোকজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক: ৰূপহীহাটত সাংবাদিকৰ ওপৰত কংগ্ৰেছী নেতাৰ আক্ৰমণ: সৰ্বত্ৰে প্ৰতিক্ৰিয়া