ETV Bharat / state

ৰঙিয়াৰ ৰাজপথত জাল-পল লৈ প্ৰতিবাদ

পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ এ বি এমছুৰ ৷ বিটিচি প্ৰশাসনক আবেদন কৰিও সুফল নোপোৱাৰ অভিযোগ ৷ অনিৰ্দিষ্ট কাললৈ পথবন্ধ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

ৰঙিয়াৰ ৰাজপথত জাল - প’ল’ লৈ প্ৰতিবাদ
author img

By

Published : Jun 17, 2019, 10:15 AM IST

Updated : Jun 18, 2019, 10:55 AM IST

ৰঙিয়া, 17 জুনঃ পল -জাল লৈ ৰঙিয়াৰ ৰাজপথত অভিনৱ প্ৰতিবাদ ৷ পথ নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে এ বি এমছুৱে ৷ শোচনীয় অৱস্থাত থকা ৰঙিয়া-লতীবাৰি-গোৰেশ্বৰ সংযোগী পথটো মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে এতিয়া ক্ষুদ্ধ হৈ উঠিছে অঞ্চলটোৰ ৰাইজ । পথৰ মাজত আছে দ’ গাত ৷ পথটোৰে যাতায়তৰ সময়ত প্ৰায়েই দুৰ্ঘটনা সংঘটিত হয় বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ পথটোৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে ৰাইজে দীৰ্ঘদিন ধৰি বিটিচি প্ৰশাসন তথা কৰ্তৃপক্ষক আবেদন নিবেদন কৰি আহিছে যদিও কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ প্ৰতিবাদকাৰীৰ ৷

ৰঙিয়াৰ ৰাজপথত জাল - প’ল’ লৈ প্ৰতিবাদ

ইয়াৰে প্ৰতিবাদত এবিএমছুৰ সদস্যসকলৰ লগতে ঢেপাৰগাঁৱৰ ৰাইজে পথটোত প’ল’ - জাল লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে, বিধায়ক ভৱেশ কলিতাই কেৱল আধাৰশিলা স্থাপন কৰিয়েই দায়িত্ব সামৰা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷ অনতিপলমে পথটো নিৰ্মাণ নকৰিলে অনিৰ্দিষ্ট কাললৈ পথ বন্ধ কৰাৰো হুংকাৰ প্ৰদান কৰে বাক্সা জিলাৰ এবিএমছুৰ সভাপতি নজৰুল ইছলামে ৷ আনহাতে, বিধায়ক ভৱেশ কলিতাই কেৱল আধাৰশিলা স্থাপন কৰিয়েই দায়িত্ব সামৰা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

Intro:ৰঙিয়াত এবিএমছুৰ প্ৰতিবাদ। পথ নিৰ্মাণ নহলে পথ বন্ধ কৰাৰ হুঙ্কাৰBody:ৰঙিয়াৰ মুল টাউন খনক দাঁতিকাষৰীয়া অঞ্চল সমুহৰ লগত সংযোগ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ ভিতৰত অন‍্যতম পথ হৈছে ৰঙিয়া-লতীবাৰি-গোৰেশ্বৰ পথটো। কিন্তু নিতৌ হাজাৰ হাজাৰ লোক অহাযোৱা কৰা পথটোৰ অৱস্থা অতিকৈ শোচনীয়। পথৰ মাজত ঠায়ে ঠায়ে ইমান দ' গাতৰ সৃষ্টি হৈছে যে পথ নে পুখুৰী ধৰিবই নোৱাৰি। পথটোৰে যাতায়তৰ সময়ত প্ৰায়েই দুৰ্ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজৰ বহুদিনীয়া অভিযোগ। পথটোৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে ৰাইজে দীৰ্ঘদিন ধৰি বিটিচি প্ৰশাসন তথা কৰ্তৃপক্ষক আবেদন নিবেদন কৰি আহিছে যদিও কোনো ধৰণৰ কাৰ্যকৰী ব‍্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। সেয়েহে আজি এবিএমছুৰ সদস্যসকলৰ লগতে ঢেপাৰগাঁওৰ ৰাইজে লগলাগি পথটোত মাছ ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে হাতে জাল আৰু প'ল' লৈ সকলোৱে চৰকাৰ বিৰোধী ধ্বনি দিয়ে। হাগ্ৰামাৰ কাম নাই, বিটিচি প্ৰশাসন হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনিৰে সকলোৱে পৰিবেশ উত্তাল কৰি তোলে। লগতে বাক্সা জিলাৰ এবিএমছুৰ সভাপতি নজৰুল ইছলামে অনতিপলমে পথটো নিৰ্মাণ নকৰিলে অনিৰ্দিষ্ট কাললৈ পথবন্ধ কৰাৰো হুমকি প্ৰদান কৰে। তেওঁ কয় যে যি পথেৰে অহাযোৱা কৰিব নোৱাৰি তেনে পথ তেওঁলোকক নালাগে।
Bite:- নজৰুল ইছলামConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
Last Updated : Jun 18, 2019, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.