ETV Bharat / state

UNICEF Awareness programme: ইউনিচেফৰ উদ্যোগত সজাগতা সভা

ৰাজ্যত তিনি বছৰত সংঘটিত হৈছে ২১ হাজাৰ শিশু অপৰাধজনীত ঘটনা । কামৰূপ জিলাৰ কমলপুৰত কমলপুৰ আৰক্ষী থানাত শিশুৰ অধিকাৰ, বাল্য বিবাহ বন্ধ আৰু শিশু অপৰাধ বন্ধ কৰিবলৈ সজাগতা সৃষ্টিৰ বাবে ইউনিচেফৰ উদ্যোগত এক সজাগতা সভাত ক'লে ন্যায়াধীশ বি পি কটকীয়ে (UNICEF Awareness programme at Kamalpur in Kamrup)।

author img

By

Published : Jul 23, 2022, 1:38 PM IST

kamrup
UNICEF Awareness programme: ইউনিচেফৰ উদ্যোগত সজাগতা সভা

বাইহাটা,২৩ জুলাই: 'ৰাজ্যত তিনি বছৰত সংঘটিত হৈছে ২১ হাজাৰ শিশু অপৰাধজনীত ঘটনা । শিশুৰ বিৰুদ্ধে অপৰাধ উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ৰাজ্যত । সমান্তৰালভাৱে ৩৪ লাখ শিশুয়ে শিক্ষা অধিকাৰৰ পৰা বঞ্চিত হৈছে ।' এই মন্তব্য ন্যায়াধীশ বি পি কটকীৰ (Justice B P Katoki speak on child crime)। কামৰূপ জিলাৰ কমলপুৰত কমলপুৰ আৰক্ষী থানাত শিশুৰ অধিকাৰ,বাল্য বিবাহ বন্ধ আৰু শিশু অপৰাধ বন্ধ কৰিবলৈ সজাগতা সৃষ্টিৰ বাবে ইউনিচেফৰ উদ্যোগত এক সজাগতা সভাত এইদৰে কয় ন্যায়াধীশগৰাকীয়ে (UNICEF Awareness programme at Kamalpur in Kamrup)।

ইউনিচেফৰ উদ্যোগত সজাগতা সভা

শিশুৰ সুৰক্ষা আৰু অধিকাৰ সম্পৰ্কে ভাষণ প্ৰদান কৰি ন্যায়াধীশগৰাকীয়ে কয় যে চৰকাৰে আইন প্ৰনয়ন কৰিলেই নহ'ব,আইন সুচাৰুৰূপে ৰূপায়িত হৈছে নে নাই সেই দিশটো গুৰুত্ব সহকাৰে পৰ্য্যবেক্ষণ কৰিব লাগিব । কোনো শিশুৱে যাতে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নহয়, কোন শিশুয়ে যাতে শিশু অপৰাধৰ বলি নহয় তাৰ প্ৰতি চৰকাৰে চোকা দৃষ্টি ৰাখিব লাগিব বুলিও ন্যায়াধীশগৰাকীয়ে মত পোষণ কৰে । ইপিনে,শিশুৰ শিক্ষাৰ অধিকাৰ আইনে যাতে ১৮ বছৰ বয়সলৈকে সামৰি লয় সেই বিষয়তো গুৰুত্ব আৰোপ কৰে ন্যায়াধীশগৰাকীয়ে ।

উক্ত আলোচনা চক্ৰত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই শিশু সুৰক্ষা আৰু অধিকাৰৰ ওপৰত সকলোকে আন্তৰিকতাৰে কাম কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক মৃনাল তালুদাৰে শিশুসকল যে বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত হৈ থাকে সেই বিষয়ে আলোকপাত কৰি দেশৰ সু-নাগৰিক হিচাপে শিশু সকলক গঢ় দিয়াৰ বাবে শিশু সকলে লাভ কৰিব লগা বিভিন্ন অধিকাৰ আৰু সুৰক্ষা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় ।

লগতে পঢ়ক:National Centre for Disease Control: গুৱাহাটীত স্থাপন হ’ব ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.