ETV Bharat / state

আজাৰা আৰক্ষীৰ জালত দুই চোৰ

author img

By

Published : Dec 8, 2020, 2:20 PM IST

দীৰ্ঘদিন ধৰি মহানগৰীৰ পশ্চিম প্ৰান্তৰ আগছিয়াত ৰাতুল কলিতা আৰু কবিন্দ্ৰ কলিতা নামৰ যুৱক দুজনে চুৰিকাৰ্য সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ যুৱক দুজনে চুৰিকাৰ্য সংঘটিত কৰি থকা সময়তে স্থানীয় ৰাইজে কৰায়ত্ব কৰি আজাৰা আৰক্ষীক গতাই দিয়ে ৷ সোধ-পোছৰ অন্তত দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

আজাৰা আৰক্ষীৰ জালত দুই চোৰ
আজাৰা আৰক্ষীৰ জালত দুই চোৰ

আজাৰা, 8 ডিচেম্বৰ: আজাৰা আৰক্ষীৰ জালত দুজনকৈ চোৰ ৷ অভিযোগ অনুসৰি, মহানগৰীৰ পশ্চিম প্ৰান্তৰ আগছিয়াত দীৰ্ঘদিন ধৰি ৰাতুল কলিতা আৰু কবিন্দ্ৰ কলিতা নামৰ যুৱক দুজনে চুৰিকাৰ্য সংঘটিত কৰি আহিছে ৷ গৃহস্থ নথকাৰ সুযোগ লৈ ধন-সোণ, পোহনীয়া জীৱ-জন্তুকে ধৰি ভিন্ন মূল্যবান সামগ্ৰী চোৰ কৰি আহিছিল দুয়োজন যুৱকে ৷

স্থানীয় ৰাইজে আগছিয়া অঞ্চলৰ যুৱক দুজনক দীৰ্ঘদিন ধৰি নজৰত ৰাখি অৱশেষত নিশাৰ ভাগত আগছিয়াৰ ৰাজহুৱা স্থানৰ এটি দমকল চুৰি কৰি থকা অৱস্থাত হাতে-লুটে ধৰি আজাৰা আৰক্ষীক গতাই দিয়ে ৷ আজাৰা আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰ পাচত সোধ-পোছ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ কিন্তু দুয়োজন যুৱকে চুৰিকাৰ্য সংঘটিত কৰাৰ অভিযোগক নস্যাৎ কৰি চুৰিকাণ্ডৰ লগত জড়িত প্ৰকৃত দোষীক বিচাৰিবলৈ কয় সংবাদ মাধ্যমৰ আগত ৷ জানিব পৰা মতে, সম্প্ৰতি পলাতক অৱস্থাত আছে দুয়োজন যুৱকৰে আন এজন সহযোগী ৷

লগতে পঢ়ক: মহানগৰীৰ পাথৰকুৱাৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.