ETV Bharat / state

ছয়গাঁও গুমী হত্যাকাণ্ডৰ দুই অভিযুক্ত গ্ৰেপ্তাৰ - বৰ্তমানো পলাতক মুল অভিযুক্ত

বৰ্তমানো পলাতক মূল অভিযুক্ত

গুমীৰ হত্যাকাণ্ডৰ দুই অভিযুক্ত গ্ৰেপ্তাৰ
author img

By

Published : Feb 2, 2019, 7:42 PM IST

কামৰূপ, ২ ফেব্ৰুৱাৰীঃ বিগত ২৮ জানুৱাৰীত দক্ষিণ কামৰূপৰ ছয়গাঁও গুমীত সংঘটিত হত্যাকাণ্ডৰ সৈতে জৰিত দুই অভিযুক্তক অৱশেষত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত শুকুৰবাৰে নিশা চলোৱা অভিযানত ছয়গাঁৱৰ হাতীপাৰা অঞ্চলৰ পৰা জালাল আলী আৰু মতিউৰ আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

গুমীৰ হত্যাকাণ্ডৰ দুই অভিযুক্ত গ্ৰেপ্তাৰ
undefined

দুৰ্ধৰ্ষ ডকাইত আনছেৰ আলী ওৰফে বগাৰ ব্যক্তিগত শত্ৰুতাৰ বাবেই সংঘটিত কৰিছিল গুমীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডটো । ইপিনে হত্যাকাণ্ডৰ মূল অভিযুক্ত আনছেৰ আলী ওৰফে বগা এতিয়াও পলাতক অৱস্থাত ৷

উল্লেখ্য যে ২৮ জানুৱাৰীৰ নিশা শুই থকা অৱস্থাত দুৰ্বৃত্তৰ দলটোৱে হানি খুঁচি হত্যা কৰিছিল আছিৰুদ্দিন আহমেদৰ লগতে পত্নী ইয়াতন খাতুনক আৰু ৫ বছৰীয়া পুত্ৰ সন্তানক । কণমানি কুৰবান আলীৰ সন্ধান বৰ্তমানলৈ উলিয়াব পৰা নাই আৰক্ষীয়ে । বিছনাৰ তলত লুকাই থকাত দুৰ্বৃত্তৰ হাতৰ পৰা কথমপিহে প্ৰাণ ৰক্ষা পৰিছিল দম্পত্তিটোৰ কন্যা শিশুটিৰ ।

Slug:-A_Azara_Chaygaon_Murder_Arrest_801-802_vis+bite_Ajay_Das

যোৱা ২৮ জানুৱাৰীত দক্ষিণ কামৰূপৰ ছয়গাঁও গুমীত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত দুই অভিযুক্তক শুকুৰবাৰে নিশা আৰক্ষীয়ে কৰায়ত্ত কৰে ।

Vo..যোৱা ২৮ জানুৱাৰীত দক্ষিণ কামৰূপৰ ছয়গাঁও গুমীত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত দুই অভিযুক্তক শুকুৰবাৰে নিশা আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত শুকুৰবাৰৰ নিশা চলোৱা এক গোপন অভিযানকালত ছয়গাঁৱৰ হাতীপাৰা অঞ্চলৰ পৰা নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত জালাল আলী আৰু মতিউৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয় । উল্লেখ্য যে দুৰ্ধৰ্ষ ডকাইত আনছেৰ আলী ওৰফে বগাৰ ব্যক্তিগত শত্ৰুতাৰ বাবেই সংঘটিত কৰিছিল গুমীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডটো । ইপিনে হত্যাকাণ্ডৰ মূল অভিযুক্ত আনছেৰ আলী ওৰফে বগা এতিয়াও পলাতক অৱস্থাত ৷

Bite..

    যোৱা ২৮ জানুৱাৰীৰ নিশা গুমীত শুই থকা অৱস্থাত দুৰ্বৃত্তৰ দলটোৱে হানি খুঁচি হত্যা কৰিছিল আছিৰুদ্দিন আহমেদ আৰু পত্নী ইয়াতন খাতুনক আৰু এটি ৫ বছৰীয়া পুত্ৰ সন্তানক । কণমানি কুৰবান আলীৰ সন্ধান বৰ্তমানলৈ উলিয়াব পৰা নাই আৰক্ষীয়ে । বিছনাৰ তলত লুকাই থকাত কথমপি হে প্ৰান ৰক্ষা পৰিছিল দম্পত্তি হালৰ কন্যাশিশুটিৰ ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.