ৰঙিয়া,1 জুলাই: কামৰূপৰ ৰঙিয়া থানাৰ দুগৰাকী আৰক্ষীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ বিগত 24 জুনত ৰেণ্ডম পৰীক্ষাৰ বাবে থানাখনৰ 11 গৰাকী বিষয়া-জোৱানৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল ৷ এই এঘাৰ গৰাকী আৰক্ষীৰ ভিতৰত দুগৰাকীৰ দেহত ধৰা পৰে ভাইৰাছবিধৰ উপস্থিতি ৷ উক্ত খবৰ লাভ কৰা মাত্ৰকে থানাখনত উপস্থিত হয় স্বাস্থ্য বিভাগৰ এটা দল ৷ সম্প্ৰতি মিৰ্জাৰ পতঞ্জলি কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আক্ৰান্ত আৰক্ষী দুগৰাকীক । ইয়াৰোপৰি দুয়োগৰাকী ব্যক্তিৰ সংস্পৰ্শলৈ অহা লোকসকলৰ নাম-ঠিকনা সংগ্ৰহ কৰে স্বাস্থ্য বিভাগে । পৰৱৰ্তী সময়ত এইসকল লোকৰো স্বাৱ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰাৰ কথা জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ।
ৰঙিয়া থানাৰ দুগৰাকী আৰক্ষীৰ দেহত Covid 19
Covid 19ত আক্ৰান্ত হৈছে ৰঙিয়া থানাৰ দুগৰাকী আৰক্ষী ৷ সম্প্ৰতি মিৰ্জাৰ পতঞ্জলি কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আক্ৰান্ত আৰক্ষী দুগৰাকীক ।