ETV Bharat / state

মৎস উৎপাদনৰে স্বাৱলম্বী ৰঙিয়াৰ দুই ব্যক্তি

author img

By

Published : Sep 17, 2020, 12:36 PM IST

এটা ৰাজহুৱা পৰিত্যক্ত পুখুৰীত মৎস্যপালন কৰি স্বাৱলম্বিতাৰ পথ বাছি লৈছে ৰঙিয়াৰ গুৰকুছিৰ দুই উদ্যমী লোকে ৷ লগতে পুখুৰীটোৰ পাৰত উৎপাদন কৰিছে বিভিন্ন শাক-পাচলি আৰু ফল-মূল ৷

Two man become self dependent by Fish farming at Rangia
মৎস উৎপাদনেৰে স্বাৱলম্বী ৰঙিয়াৰ দুই ব্যক্তি

ৰঙিয়া, 17 ছেপ্তেম্বৰ: মহামাৰী কৰ'ণাৰ সংকটৰ বাবে দেশজুৰি জাৰি হোৱা লক ডাউনৰ বাবে উপাৰ্জনৰ পথ হেৰুৱাইছে বহু লোকে ৷ কৰ্ম সংস্থাপন হেৰুৱাই বহিঃৰাজ্যৰ পৰা নিজ নিজ গৃহলৈ উভতিছে ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে ৷ এনে এক দুৰ্যোগপূৰ্ণ সময়তে ৰঙিয়াৰ দুই শিক্ষিত লোকে বাচি উলিয়াবলৈ সক্ষম হৈছে স্বাৱলম্বীতাৰ পথ ৷ বিভিন্ন প্ৰজাতিৰ মীন পালনেৰে স্বাৱলম্বিতাৰ পথ বাছি লৈছে ৰঙিয়াৰ গুৰকুছিৰ নাৰায়ণ দাস আৰু বিচেন্নালা অঞ্চলৰ পৱন কলিতাই ৷

উল্লেখ্য যে, দুয়োজনে লগলাগি বিচেন্নালাৰ এটা ৰাজহুৱা পৰিত্যক্ত পুখুৰীত মৎস্যপালন কৰিছে ৷ পুখুৰীটোৰ মাছ বিক্ৰী কৰি বছৰেকত প্ৰায় দুই লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে দুয়োগৰাকীয়ে ৷ লগতে পুখুৰীটোৰ পাৰত উৎপাদন কৰিছে বিভিন্ন শাক-পাচলি আৰু ফল-মূল ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিত উৎপাদন কৰা শাক-পাচলি আৰু ফল-মূল বিক্ৰী কৰি মাহেকত 15 ৰ পৰা 20 হাজাৰ টকা উপাৰ্জন কৰিছে ব্যক্তি দুগৰাকীয়ে ৷

লগতে পঢ়কঃ চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.