ৰঙিয়া,২৪ নৱেম্বৰ : চলিত মাহত অসম চৰকাৰে কৰ সংগ্ৰহৰ এখন বিশেষ নিৰ্দেশনা জাৰি কৰিছে । বিহুৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান আয়োজন বা স্থাপনৰ নামত চৰকাৰক দিবলগীয়া কৰৰ তালিকাও প্ৰকাশ কৰিছে চৰকাৰে । অসম চৰকাৰৰ গৃহ বিভাগে জাৰি কৰা এই নিৰ্দেশনাৰ পাছতে ৰাজনৈতিক মহলকে ধৰি সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিছে । ইয়াৰ মাজতে কামৰূপ জিলাৰ ৰঙিয়াৰ দুগৰাকী প্ৰাক্তন বিধায়কে চৰকাৰৰ এনে সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে ।
ৰঙিয়াৰ এসময়ৰ বিধায়ক অনন্ত ডেকাই বিষয়টো সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে চৰকাৰে বিভিন্ন ক্ষেত্ৰত হিতাধিকাৰী নিৰ্বাচন কৰি সময়ে সময়ে লোৱা ঋণবোৰৰ বাবে দেউলীয়া হ'বলৈ ওলাইছে । সেয়েহে এনেধৰণে সেৱা মাচুলৰ নামত বিভিন্ন কৰৰ বোজা সৰ্বসাধাৰণৰ মূৰত জাপি দিবলৈ চেষ্টা কৰিছে । তেওঁ লগতে নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কৰ আৰু মাচুলৰ সংজ্ঞা সম্পৰ্কেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে কৰ বা মাচুল বুলি কোনো কথা নাই । ৰাইজে এনেদৰে প্ৰতিটো কথাতে যদি ধন ভৰিবলগীয়া হয় তেনেহ'লে ই সৰ্বসাধাৰণৰ উন্নতিৰ পৰিপন্থী বুলি তেওঁ দাবী কৰে । সেয়েহে চৰকাৰক প্ৰতিটো পদক্ষেপ পুনৰ বিবেচনা কৰিবলৈ তেওঁ দাবী জনায় । ইফালে সভা-সমিতি আয়োজনৰ ক্ষেত্ৰতো মাচুল লগাই চৰকাৰে নাগৰিকৰ বাক স্বাধীনতাত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে ।
ইফালে ৰঙিয়াৰ আন এগৰাকী প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাইয়ো কৰ সংগ্ৰহ সম্পৰ্কে তীব্ৰ মন্তব্য প্ৰকাশ কৰি কয় যে জাতি, মাটি, ভেটি ৰক্ষাৰ কথা দি ক্ষমতালৈ অহা চৰকাৰখনে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে । প্ৰাক্তন বিধায়কগৰাকীয়ে অসম চৰকাৰক গৰিহণা দি কয় যে এনেধৰণৰ ব্ৰিটিছৰ দৰে কৰ সংগ্ৰহৰ পদ্ধতিয়ে ৰাইজক অসন্তুষ্ট কৰি তুলিছে । চৰকাৰৰ এনেধৰণৰ পদক্ষেপৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ যথেষ্ট ক্ষতি হ'ব বুলিও তেওঁ আশংকা ব্যক্ত কৰে ।
লগতে পঢ়ক :চৰকাৰে য’তে-ত’তে মাচুল সংগ্ৰহক লৈ প্ৰতিক্ৰিয়া, এক্সত মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছে বুজাবলৈ