ৰঙিয়া, 15 ডিচেম্বৰ : শুকুৰবাৰে ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান সম্প্ৰসাৰণ কেন্দ্ৰ শৰাইঘাটৰ তৰফৰ পৰা এক প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয় ৷ দুদিনীয়াকৈ অনুষ্ঠিত এই শিবিৰত গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা সম্পৰ্কে মহিলা সকলক প্ৰশিক্ষণ দিয়া হয় ৷ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰৱক্তা কুলজিত ৰাজবংশীয়ে আঁত ধৰা অনুষ্ঠানটোত ৰঙিয়াৰ পোন্ধৰখন পঞ্চায়তৰ প্ৰায় সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে ৷
প্ৰশিক্ষণ শিবিৰৰ আজি প্ৰথম দিনা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰৱক্তা ডেইজী দাসে মহিলা সকলক এখন গাঁৱক পূৰ্ণ ৰূপত বিকশিত কৰিবলৈ কি কি দিশত আগভাগ ল’ব লাগিব সেই বিষয়ে বাখ্যা কৰে ৷ বিশেষকৈ দৰিদ্ৰতা দূৰীকৰণ আৰু জীৱিকাৰ উত্তৰণ, সুস্বাস্থ্যকৰ গাঁও, শিশু বন্ধুত্ব সুলভ গাওঁ, পৰ্যাপ্ত পৰিমাণৰ পানী থকা গাওঁ, পৰিস্কাৰ তথা সেউজ গাঁও, আত্মনিৰ্ভৰশীল আন্তঃগাঠনি থকা গাওঁ, সামাজিক ভাবে নিৰাপত্তা থকা গাওঁ, সু-প্ৰশাসন থকা গাঁও আৰু মহিলা বন্ধুত্ব সুলভ গাঁৱৰ বিষয়ে প্ৰবক্তা গৰাকীয়ে বিশেষভাৱে বাখ্যা কৰে ৷
ইয়াৰ পিছতে কুলজিত ৰাজবংশীয়ে মহিলা সকলক এখন গাঁৱৰ সামগ্ৰিক বিকাশৰ উদ্দেশ্যে কৰ্মৰ বিভাজন আৰু সুচাৰুৰূপে পালন কৰাৰ বিষয়ে বুজায় ৷ শেষত বেজেৰা সম্প্ৰসাৰণ কেন্দ্ৰৰ অধ্যক্ষ ৰমেন বৰুৱাই মহিলা সকলক প্ৰশিক্ষণ দিয়াৰ উপৰিও মত বিনিময় কৰে ৷ প্ৰশিক্ষণৰ সময়চোৱাত তেওঁ মহিলা সকলক বৰ্তমান সময় কোন দিশে গতি কৰিছে বক্তব্য ৰখাৰ লগতে তেওঁলোকক সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাবলৈ উদ্বুদ্ধ কৰে ৷ তেওঁ প্ৰশিক্ষণৰ সময়চোৱাত বিভিন্ন চৰকাৰী আঁচনিৰ কেনেদৰে লাভ লব পাৰি এই বিষয়েও মহিলা সকলক সজাগ কৰিবলৈ চেষ্টা কৰে ৷
প্ৰশিক্ষণৰ অন্তত ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতায়ো মহিলা সকলৰ সৈতে মত বিনিময় কৰে ৷ বিধায়ক গৰাকীয়ে প্ৰতিগৰাকী মহিলাক নিজৰ গাওঁখন জাকত জিলিকা কৰি তুলিবলৈ চেষ্টা কৰিবলৈ আহ্বান জনায় ৷ শুকুৰবাৰে এই প্ৰশিক্ষণ শিবিৰত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি অমৰেন্দ্ৰ লহকৰ, বিজেপিৰ উত্তৰ কামৰূপৰ সভাপতি সুবল পাল, ৰঙিয়াৰ প্ৰতিখন পঞ্চায়ত সভাপতি তথা সভানেত্ৰী আৰু সদস্যসকল উপস্থিত থাকে ৷
লগতে পঢ়ক : শনিবাৰে সামৰণি পৰিব তেজপুৰত উদ্যোগীকৰণ উন্নয়নৰ প্ৰশিক্ষণ