ETV Bharat / state

ৰঙিয়াত 12 ঘণ্টাৰ ভিতৰত মৃত্যু দুই ক'ভিড আক্ৰান্তৰ

author img

By

Published : May 13, 2021, 5:41 PM IST

ৰঙিয়াত ক্ৰমাৎ ভয়াৱহভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ বুধবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা 488 গৰাকীলৈ বৃদ্ধি পোৱাৰ পাচতে বিগত 12 ঘণ্টাত দুগৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যু হয় ৷

ৰঙিয়াত 12 ঘন্টাৰ ভিতৰত মৃত্যু দুই ক'ভিড আক্ৰান্তৰ
ৰঙিয়াত 12 ঘণ্টাৰ ভিতৰত মৃত্যু দুই ক'ভিড আক্ৰান্তৰ

ৰঙিয়া,13 মে': বুধবাৰে 12 ঘণ্টাৰ ভিতৰত দুগৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যুৰ পাচতে ৰঙিয়াৰ মাদৈকাটাত আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷ বিগত এসপ্তাহে পাণবজাৰৰ ক'ভিড হাস্পতালত জীৱন-মৃত্যুৰে যুঁজি চিকিৎসাধীন হৈ থকা মোজাম্মিল হক নামৰ লোকজনৰ বুধবাৰে মৃত্যু হয় ৷ মোজাম্মিল হকৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাচতে শোকত ভাগি পৰিছে আত্মীয়সকল ৷ ইতিমধ্যে গুৱাহাটীস্থিত আঠগাঁৱৰ কবৰস্থানত লোকজনৰ জানাজা সম্পন্ন কৰা হৈছে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে ক'ভিড আক্ৰান্ত হৈ ৰঙিয়াৰ বনগাঁৱৰ কুশল চৌধুৰী আৰু ৰঙিয়াৰ বৰঘুলিৰ গৃহৰক্ষী জোৱান ইছলাম আলীৰ মৃত্যু হৈছিল । কিন্তু বুধবাৰে ৰঙিয়াৰ তিনিআলিৰ ক'ভিড আক্ৰান্ত ৰোগী ধৰণী হালৈৰ মৃত্যুৰ পাচত আন গৰাকী আক্ৰান্তৰ মৃত্যুত আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰঙিয়াত । ইফালে ৰঙিয়াত বৰ্তমানলৈকে ক'ভিড আক্ৰান্তৰ সংখ্যা 488 গৰাকীলৈ বৃদ্ধি পোৱাৰ পাচতো সজাগ নহয় ৰঙিয়াৰ একাংশ শিক্ষিত লোক ৷

লগতে পঢ়ক: কণ্টেইনমেণ্ট জ’নত অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান বিধায়ক মৃণাল শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.