ETV Bharat / state

ছয়গাঁৱত বৃহৎ পৰিমাণৰ চুলাইসহ আটক দুজন

author img

By

Published : Jun 14, 2021, 1:55 PM IST

ৰাজ্যজুৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ শেহতীয়াভাৱে ছয়গাঁৱতো তৎপৰ হৈ পৰিছে আৰক্ষী ৷ দেওবাৰে নিশা ছয়গাঁৱৰ টকৰাদিয়াত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাইসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷

two arrested with hooch in Chaigaon
ছয়গাঁৱত বৃহৎ পৰিমাণৰ চুলাইসহ আটক দুজন

ছয়গাঁও, 14 জুন : ড্ৰাগছৰ সমান্তৰালকৈ চুলাইৰ বিৰুদ্ধেও ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ দেওবাৰে নিশা কামৰূপৰ ছয়গাঁৱত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ চুলাই মদ ৷ তদুপৰি আৰক্ষীৰ অভিযানত আটক হৈছে দুজন লোক ৷ দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ টকৰাদিয়াত আৰক্ষী এটা দলে চলাইছিল এই অভিযান ।

উল্লেখ্য যে, দেওবাৰে নিশা প্ৰায় ১২.৩০ মান বজাত ছয়গাঁও আৰক্ষী থ‍ানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ এক গোপন খবৰৰ ভিত্তিত কুকুৰমাৰা আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৫০০ লিটাৰ চুলাইৰ লগতে দুজন লোকক আটক কৰে । আটক কৰা লোক দুজন কুকুৰমাৰাৰ ধীৰাজ দাস (৩২) আৰু কুকুৰমাৰাৰ মুনু দাস (১৯) বুলি জানিব পৰা গৈছে । ইতিমধ্যে আটক কৰা লোক দুজনক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: উদালী কাণ্ডৰ লগত জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.