ETV Bharat / bharat

এটা ওপঙা ঘৰ; বানৰ সময়ত আপোনাৰ সহায় হ’ব পাৰে এই ঘৰটো - Floating House

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Floating House On Water: পানীৰ ওপৰত ওপঙি থকা এটা ঘৰ ৷ এজন অভিযন্তাই সাজি উলিয়াইছে এই বিশেষ ঘৰটো ৷ এই ওপঙা ঘৰত নদীত বুকুত বা বানৰ সময়ত সুৰক্ষিত হৈ থাকিব পাৰিব আপুনি ৷ ক’ত নিৰ্মাণ হৈছে এই ঘৰটো ? জানিবলৈ চাওক-

Floating House
বানৰ সময়ত আপুনি সুৰক্ষিত এই 'ওপঙা ঘৰ'ত (ETV Bharat)

নিউজ ডেস্ক, ২৪ ছেপ্টেম্বৰ: পানীত ওপঙি থকা এটা বিশেষ ঘৰ । বিগত প্ৰায় ১ বছৰ ধৰি ভয়ংকৰ বান পৰিস্থিতিৰ মাজতো কোনো ক্ষতি নোহোৱাকৈ নদীৰ মাজতে আছে ঘৰটো । যাক লৈ এতিয়া দেশত ব্যাপক চৰ্চা আৰম্ভ হৈছে । ঘৰটোক লৈ বহু জল্পনা-কল্পনাও আৰম্ভ হৈছে ।

বিশেষ ঘৰটোৰ আঁৰৰ ব্যক্তিজন হৈছে প্ৰশান্ত কুমাৰ । প্ৰশান্ত কুমাৰ এগৰাকী অভিযন্তা । এই বিশেষ ঘৰটোৰ নিৰ্মাণত প্ৰশান্তক সহযোগ কৰিছে কানাডা, জাৰ্মানী, নেডাৰলেণ্ড আৰু অন্যান্য দেশৰ তেওঁৰ বন্ধুসকলে । ই এক পাইলট প্ৰজেক্ট আছিল । যদি এই প্ৰক্ৰিয়া সফল হয় তেনেহ'লে বানৰ সময়ত বানপীড়িত লোকক সহায় কৰিব ঘৰটোৱে । বানপীড়িত অঞ্চলৰ লোকে এই ঘৰটো নিৰ্মাণ কৰি ভয়ংকৰ বিপদৰ পৰা মুক্ত হ'ব । কিয়নো পানীত ওপঙি থাকিব পাৰে এই ঘৰটো ।

আচলতে বিহাৰৰ বক্সাৰত গংগা নদীত পৰীক্ষামূলকভাৱে প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এই ঘৰটো । নিৰ্মাণৰ আঁৰত থকা প্ৰশান্তই কোৱা মতে যদি তেওঁৰ পৰীক্ষা সফল হয়, বানৰ সময়ত লোকসকলক এক গুৰুত্বপূৰ্ণ আৱাসৰ চিন্তাৰ পৰা মুক্ত কৰিব পাৰিব । কানাডা, জাৰ্মানী, নেডাৰলেণ্ড আৰু অন্যান্য দেশৰ বন্ধু আৰু স্থানীয় স্বেচ্ছাসেৱকৰ সহায়ত নিৰ্মিত এই ঘৰটো বান্ধি ৰাখিবলৈ তলত লো ব্যৱহাৰ কৰা হৈছে । এই ঘৰটো বানৰ সময়ত নৈৰ তীব্ৰ সোঁতত ওপঙি থাকিব পাৰে ।

ওপঙা ঘৰ আৰু বানপীড়িত অঞ্চলসমূহ :

বিগত বছৰ বিহাৰৰ বক্সাৰৰ কৃতপুৰা গাঁৱৰ সমীপত গংগা নদীত ওপঙা ঘৰ নিৰ্মাণ কৰা অভিযন্তা প্ৰশান্তৰ সৈতে ইটিভি ভাৰতে বাৰ্তালাপ কৰে । সাক্ষাৎকাৰৰ সময়ত প্ৰশান্তই কয় যে বিহাৰৰ এক বৃহৎ অংশ বানৰ কবলত পৰে । বানৰ সময়ত মানুহে আন ঠাইত আশ্ৰয় ল'বলগীয়া হয় । যেতিয়া তেওঁলোকে ঘৰলৈ উভতি আহে, তেওঁৰ ঘৰটোৰ বসবাসৰ উপযোগী হৈ নাথাকে । এনে পৰিস্থিতিত তেওঁ কিবা এটা প্ৰস্তুত কৰাৰ কথা ভাবিছিল যিয়ে বানপীড়িতসকলৰ ঘৰৰ সমস্যা সমাধান কৰিব ।

এটা ওপঙা ঘৰ কি সামগ্ৰীৰে নিৰ্মাণ কৰা হয় ?

এই ঘৰটো নিৰ্মাণত যি সামগ্ৰী ব্যৱহাৰ কৰা হয়, সেই সকলোবোৰ স্থানীয়ভাৱে উপলব্ধ । ই পৰিৱেশৰ কোনো ক্ষতি নকৰে । যেতিয়া বান আহিব, এই ঘৰটো গংগাৰ পানীৰ সৈতে ওপৰলৈ ওপঙি উঠিব আৰু বানৰ পিচত পুনৰ সেই স্থানলৈ উভতি আহিব । ইয়াত শোৱনি কোঠা, পাকঘৰ, বাথৰুম, শৌচালয়ৰ ব্যৱস্থা আছে । লগতে, এনে ব্যৱস্থা কৰা হ'ব যে লেতেৰা পানী বা ইয়াৰ পৰা ওলোৱা যিকোনো আৱৰ্জনা ওলাই আহে আৰু নদীত নপৰে । যাতে নদীখন প্ৰদূষিত নহয় ।

ওপঙা ঘৰ নিৰ্মাণৰ উদ্দেশ্য কি ?

প্ৰশান্তে কয় যে বান পৰিস্থিতি উন্নত হোৱাৰ পিচত বানপীড়িত লোকসকলে পুনৰ নিজৰ স্বাভাৱিত জীৱন আৰম্ভ কৰিব লাগে । এনে লোকৰ সমস্যাৰ পৰিপ্ৰেক্ষিতত, চৰকাৰে যিকোনো সহায় কিছুদিনৰ বাবেহে দিয়ে । এনে পৰিস্থিতিত, পানীত ওপঙা ঘৰ তেওঁলোকৰ বাবে অতি উপযোগী প্ৰমাণিত হ'ব পাৰে । যাৰ দ্বাৰা যিকোনো লোকে তেওঁৰ গোটেই পৰিয়ালৰ সৈতে আৰামেৰে থাকিব পাৰে, খেতি আৰম্ভ কৰিব পাৰে আৰু বানৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে । প্ৰশান্তই কয় যে যোৱা এবছৰ ধৰি নিৰ্মাণ কৰা এই 'ফ্ল’টিং হাউচ' বা ওপঙা ঘৰটো এতিয়া পাটনাৰ দিয়াৰা অঞ্চললৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই থকা হৈছে । তাত এতিয়াও লোকসকল বানৰ কবলত আছে । তাত ইয়াৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা হ'ব ।

ঘৰটোৰ নিৰ্মাণত মুঠ খৰচ ?

৯০০ বৰ্গফুটৰ এই ওপঙা ঘৰটোৰ নিৰ্মাণত প্ৰায় ৬ লাখ টকা ব্যয় হ'ব । প্ৰশান্তৰ মতে, এই ঘৰটোত ডিজেল আৰু পেট্ৰ'ল ব্যৱহাৰৰ প্ৰয়োজন নাই বা কাৰ্বন নিৰ্গমনো নহয় । এই ঘৰটো নিৰ্মাণ কৰিবলৈ ব্যৱহৃত ইটা গোবৰ, বোকা আৰু ধান-মাহৰ তুঁহেৰে নিৰ্মাণ কৰা হয় । ইয়াক পৰিৱেশৰ কোনো ক্ষতি নকৰা সামগ্ৰী বা ঘৰুৱা আৱৰ্জনা সামগ্ৰীৰ পৰা নিৰ্মাণ কৰা হৈছিল । তেওঁ ৰং আৰু ইঞ্জিন অইল আদিৰ খালী ড্ৰাম আৰু বোকা-গোবৰেৰে এই ঘৰটো নিৰ্মাণ কৰিছিল ।

প্ৰশান্ত কুমাৰে কয়, "পাটনা, আৰা বা বক্সাৰ সকলো ঠাইৰে প্ৰশাসনিক বিষয়াসকলৰ সমৰ্থন আছিল । অনুমতি পোৱাৰ পিচতহে তেওঁ কৃতপুৰাৰ সমীপত গংগাত ওপঙি থকা এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰে । এতিয়া এবছৰত নিৰ্মাণ আৰু পৰীক্ষণৰ সফলতাৰ পিচত, ইয়াক বানপীড়িত বিহাৰৰ ৰাজধানী পাটনাৰ দিয়াৰা অঞ্চললৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই থকা হৈছে । ইয়াক তাত ব্যৱহাৰ আৰু প্ৰচাৰ কৰা হ'ব । বোকাৰে নিৰ্মিত হোৱা স্বত্বেও, বেৰবোৰ যোৱা বছৰৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে । চাদখনো সম্পূৰ্ণৰূপে সুৰক্ষিত ।"

পাটনালৈ লৈ যোৱাৰ উদ্দেশ্য কি ?

এই প্ৰশ্নৰ উত্তৰত প্ৰশান্তই কয় যে পাটনা এক বৃহৎ অঞ্চল আৰু ই বিহাৰৰ ৰাজধানী, দেশ-বিদেশৰ ভিন্ন ঠাইৰ পৰা মানুহ তালৈ আহে । তেওঁলোকে এই ঘৰটোৰ বিষয়ে জানিব পাৰিব । এই প্ৰকল্পটোত সহায় কৰিবলৈ চৰকাৰকো অনুৰোধ কৰা হ'ব । প্ৰশান্তই কয় যে যদিও স্থানীয় পৰ্যায়ত কৰ্তৃপক্ষৰ পৰা উৎসাহ পোৱা গৈছে, চৰকাৰী পৰ্যায়ৰ পৰা কোনো সহায় পোৱা হোৱা নাই । বান আৰু খৰাং পৰিস্থিতিত এই ওপঙা ঘৰটো ব্যৱহাৰ কৰিলে উপকৃত হ'ব পৰা যাব ।

এই ওপঙা ঘৰ সুৰক্ষিত

প্ৰশান্তই কয় যে ওপঙা ঘৰবোৰ বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি । তেওঁ ইয়াক পৰ্যটকক আকৰ্ষিত কৰিবলৈও ব্যৱহাৰ কৰাৰ কথা কয় । বানৰ সময়ত ইয়াক জৰুৰীকালীন চিকিৎসালয় হিচাপে ব্যৱহাৰ কৰিব পাৰি, বানৰ সময়ত আশ্ৰয় গৃহ হিচাপেও ব্যৱহাৰ কৰিব পাৰি । প্ৰথম অৱস্থাত সন্দেহ আছিল যে ই কিমান কাৰ্যকৰী হ'ব কিন্তু যোৱা এবছৰ ধৰি, গংগাৰ ঢৌত থকাৰ পাছতো ঘৰটোৰ কোনো ক্ষতি হোৱা নাই । ইয়াৰ দ্বাৰা স্পষ্ট যে ই যথেষ্ট সুৰক্ষিত ।

লগতে পঢ়ক : উৎসৱৰ বতৰত ভুলতো টিকট নকটাকৈ ৰে’লত নুঠিব, সাৰি নাযাব আৰক্ষীৰ লোকো - Railway ticket Checking drive

নদীৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে 'বিশ্ব নদী দিৱস ২০২৪' - WORLD RIVERS DAY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.