নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ স্পিন বলাৰ আৰ অশ্বিনে নিজৰ ইউটিউব চেনেলত যশপ্ৰীত বুমৰাহক প্ৰশংসা কৰে । ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগীৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছে যশপ্ৰীত বুমৰাহে নিজকে আটাইতকৈ ফিট ক্ৰিকেটাৰ বুলি অভিহিত কৰাক লৈ ৷ অনুৰাগীসকলে কয় যে কোহলীৰ পৰিৱৰ্তে বুমৰাহে নিজকে প্ৰশংসা কৰিছিল ।
এতিয়া বিৰাট কোহলীক আওকাণ কৰি ‘দলৰ আটাইতকৈ ফিট ক্ৰিকেটাৰ’ক বাছি লোৱাক লৈ তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে । শেহতীয়া এক বাৰ্তালাপত বুমৰাহে এই প্ৰশ্নৰ উত্তৰ হিচাপে কোহলীৰ সলনি নিজৰ কথা উল্লেখ কৰি কয় যে তেওঁ দ্ৰুত বলাৰৰ প্ৰচাৰৰ বাবে নিজৰ নাম আগুৱাই নিব বিচাৰে । অভিজ্ঞ ভাৰতীয় স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনেও বিতৰ্কত যোগ দি বুমৰাহক প্ৰশংসা কৰে ।
Ravi Ashwin talking about on Jasprit Bumrah's fittest Cricketer statements. (Ashwin YT).
— Tanuj Singh (@ImTanujSingh) September 23, 2024
pic.twitter.com/U3z3FoisBf
নতুনকৈ মুকলি কৰা ইউটিউব চেনেল ‘আশ কী বাত’ (Ash Ki Baat) ত অশ্বিনে কয়, ‘‘ইয়াক কিয় ডাঙৰ ইছ্যু কৰি তুলিব বিচাৰিছে ? এই গৰমত প্ৰতি ঘণ্টাত ১৪৫ কিলোমিটাৰ বেগেৰে বলিং কৰা এজন বেগী বলাৰ যশপ্ৰীত বুমৰাহ । কহিনুৰ হীৰাৰ দৰে তেওঁ ভাৰতীয় ক্ৰিকেটৰ মুকুটমণি । তেওঁলোকে যি মন যায় কওক । মাত্ৰ গ্ৰহণ কৰক ।’’
তেওঁ কয় যে মানুহে প্ৰশ্নবোৰ সুধি তেওঁলোকৰ প্ৰিয় উত্তৰ বিচাৰে, আপুনি প্ৰশ্নটো সুধিলে আৰু তেওঁ নিজকে ফিট ক্ৰিকেটাৰ বুলি ঘোষণা কৰিলে । অশ্বিনে আৰু কয়, ‘‘মানুহে লগে লগে ক’ব যে বুমৰাহ আঘাতপ্ৰাপ্ত হৈ থাকে, কেনেকৈ আটাইতকৈ ফিট ক্ৰিকেটাৰ হ’ব পাৰে । বোজাই কঢ়িওৱা ট্ৰাক আৰু মাৰ্চিডিজ বেঞ্জৰ মাজত যথেষ্ট পাৰ্থক্য আছে । মাৰ্চিডিজ বেঞ্জৰ অংশবোৰ অতি ব্যয়বহুল হোৱাৰ বাবে সাৱধানে চম্ভালিব লাগে । বোজাই কঢ়িওৱা ট্ৰাকে জিৰণি নোলোৱাকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয় ।’’
তেওঁ আৰু কয়, ‘‘এজন বেগী বলাৰ বোজাই কঢ়িওৱা ট্ৰাকৰ দৰে । ভাঙি যায় কেতিয়াবা । কিন্তু ইমান মানসিক চাপৰ মাজতো বুমৰাহে উভতি আহি ঘণ্টাত ১৪৫ কিলোমিটাৰ বেগেৰে বলিং কৰে ।’’ অশ্বিনে লগতে ক’লে, ‘‘তেওঁকো কিছু ক্ৰেডিট দিয়া উচিত ।’’
উল্লেখ্য যে, বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত ভাৰতে ২৮০ ৰানত জয়লাভ কৰে । এই মেচখনত যশপ্ৰীত বুমৰাহে ৫ টা উইকেট দখল কৰে । প্ৰথম ইনিংছত ৪ টা উইকেট দখল কৰি বাংলাদেশৰ টপ অৰ্ডাৰ ধ্বংস কৰে । দ্বিতীয় ইনিংছত অশ্বিনে বাংলাদেশৰ ৬ টা উইকেট দখল কৰি খেলৰ অন্ত পেলায় । কেৱল এয়াই নহয়, প্ৰথম ইনিংছত অশ্বিনে শতকো অৰ্জন কৰে ।
চেন্নাই টেষ্টত ৰবিচন্দ্ৰন অশ্বিনে ভংগ কৰিলে শ্ৱেন ৱাৰ্ণৰ এই অভিলেখ... - R ASHWIN RECORD