ETV Bharat / state

ধোঁৱামুক্ত নগাঁও গঢ়াৰ লক্ষ্যৰে অভিযান - Anti tobacco campaign

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Tobacco free Nagaon campaign: ধোঁৱামুক্ত কৰাৰ লক্ষ্য স্বাস্থ্য বিভাগৰ । সেয়েহে আৰম্ভ কৰিছে ধঁপাত বিৰোধী অভিযান । ধঁপাত সেৱন ৰোধৰ বাবে গ্ৰহণ কৰা হৈছে বিভিন্ন পদক্ষেপ । কেনেকৈ ৰোধ কৰিব ধঁপাত সেৱনৰ অভ্য়াস ?

Tobacco free Nagaon campaign
ধোঁৱামুক্ত কৰাৰ লক্ষ্যৰে অভিযান (ETV Bharat Assam)

নগাঁও, ২৪ ছেপ্টেম্বৰ: ধঁপাত স্বাস্থ্যৰ বাবে মাৰাত্মক ক্ষতিকাৰক বুলি অৱগত হোৱাৰ পাছতো ক্ৰমান্ময়ে বৃদ্ধি পাবলৈ ধৰিছে সেৱনকাৰীৰ সংখ্য়া । এইবাৰ ধঁপাত সেৱন ৰোধ কৰাৰ বাবে নগাঁৱত গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ । ধোঁৱামুক্ত নগাঁও গঢ়াৰ লক্ষ্যৰে বান্ধি লৈছে স্বাস্থ্য বিভাগৰ লগতে নগাঁও আৰক্ষীয়ে । সোমবাৰে নগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগ, নগাঁও আৰক্ষী বিভাগৰ লগতে ভাইটেল ষ্ট্ৰেটেজীৰ সহযোগত আনুষ্ঠানিকভাৱে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত 'ধোঁৱামুক্ত নগাঁও অভিযান'ৰ শুভাৰম্ভ কৰা হয় ।

নগাঁও স্বাস্থ্য বিভাগৰ দায়িত্বত থকা জিলা অতিৰিক্ত আয়ুক্ত নিত্যানন্দ ৱাৰীয়ে শুভাৰম্ভ কৰে ধঁপাতমুক্ত নগাঁও কাৰ্যসূচীৰ । উক্ত কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত নিত্যানন্দ ৱাৰীয়ে নগাঁও জিলাখন ধোঁৱামুক্ত কৰিবলৈ জনসাধাৰণ সজাগ আৰু সচেতন হ'ব লাগিব বুলি উল্লেখ কৰে । নিজৰ লগতে আনকো ধঁপাত সেৱনৰ পৰা বিৰত ৰখাৰ বাবে আহ্বান জনাই জিলা অতিৰিক্ত আয়ুক্তগৰাকীয়ে ।

জনসাধাৰণক সহযোগিতা আগবঢ়াবলৈ আহ্বান

'ধোঁৱামুক্ত নগাঁও অভিযান' সফল কৰাৰ ক্ষেত্ৰত নগাঁওবাসীৰ সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় জিলা অতিৰিক্ত আয়ুক্তগৰাকীয়ে । উল্লেখযোগ্য যে জনস্বাস্থ্যৰ প্ৰসাৰ আৰু সমাজত ধঁপাতৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু এক সুৰক্ষিত আৰু সুস্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে ধোঁৱামুক্ত নগাঁও অভিযানৰ শুভাৰম্ভ কৰা বুলিও উল্লেখ কৰে জিলা অতিৰিক্ত আয়ুক্ত নিত্যানন্দ ৱাৰীয়ে ।

ধোঁৱামুক্ত নগাঁও অভিযানৰ শোভাযাত্ৰা

'ধোঁৱামুক্ত নগাঁও অভিযান' কাৰ্যসূচীৰ লগত সংগতি ৰাখি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যলয়ৰ পৰা নগাঁও চহৰৰ মাজেৰে এটি শোভাযাত্ৰাও উলিওৱা হয় । সোমবাৰে নগাঁৱত অনুষ্ঠিত 'ধোঁৱামুক্ত নগাঁও অভিযান' কাৰ্যসূচীত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ কলিতা, উপ-আৰক্ষী অধীক্ষক সোণমণি শইকীয়া, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ফণী পাঠক, ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ভূপেন বৰা, নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰঞ্জিত মজিন্দাৰ, জিলা মুখ্য স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ বীণাপানী নেওগ, জিলা যক্ষ্মা বিষয়া গুলজাৰ হুছেইন, ধঁপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডাঃ বিশ্বৰূপ গোঁহাই বৰুৱা, জিলা মহকুমা স্বাস্থ্য বিষয়াদ্বয় ক্ৰমে ডাঃ ধৰিত্ৰী পাটোৱাৰী, ডাঃ মধুমিতা বৰা আদি উপস্থিত থাকে ।

লগতে পঢ়ক:পথিকৰ উদ্যোগত ধঁপাত বিৰোধী সজাগতা অনুষ্ঠান

বিশ্ব ধঁপাতবিৰোধী দিৱস : সজাগতামূলক শোভাযাত্ৰা ছাত্ৰ-ছাত্ৰীৰ - WORLD NO TOBACCO DAY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.