ETV Bharat / state

সনাতন ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্তক আটক

author img

By

Published : May 25, 2020, 12:33 PM IST

Updated : May 25, 2020, 6:06 PM IST

দেওবাৰে নিশা হাজো আৰক্ষীয়ে আটক কৰে হত্যাকাণ্ডৰ লগত জড়িত থকা দুই মূল অভিযুক্ত ফইজুল হক আৰু ইউচুফুদ্দিন আহমেদক ৷

সনাতন ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্তক আটক
সনাতন ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্তক আটক

হাজো, 25 মে': ৰাজ্য কঁপাই যোৱা হাজোৰ মনাহকুচিৰ নৃশংস হত্যাকাণ্ডৰ লগত জড়িত থকা দুই মূল অভিযুক্ত ফইজুল হক আৰু ইউচুফুদ্দিন আহমেদক আটক ৷ দেওবাৰে নিশা হাজো আৰক্ষীয়ে আটক কৰে দুয়োগৰাকী অভিযুক্তক ৷ কিন্তু বৰ্তমানেও পলাতক উক্ত ঘটনাৰ লগত জড়িত আন 3 জন অভিযুক্ত ৷ পলাতক কেইগৰাকীক অতি সোনকালে আটক কৰাৰ বাবে চেষ্টা চলাই আছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, যোৱা 22 মে'ত এটা সামান্য কথাতে হাজোৰ মনাহকুচিত সনাতন ডেকা নামৰ পাঁচলি ব্যৱসায়ীজনক নৃশংস ভাৱে হত্যা কৰিছিল 5 গৰাকী উদণ্ড যুৱকে ৷ ব্যৱসায়ীজনে বৰম্বৈ দিশৰ পৰা মনাহকুছি অভিমুখে আহি থকা অৱস্থাত বৰম্বৈ অঞ্চলত জলিল আলী নামৰ লোকজনৰ বাইকৰ লগত সংঘটিত হৈছিল এটি সৰু দুৰ্ঘটনা ৷ ইয়াকে কেন্দ্ৰ কৰি ফইজুল হক সহ তিনিজন যুৱকে পথৰ ওপৰতে নিৰ্মম ভাৱে প্ৰহাৰ কৰিছিল ব্যৱসায়ী সনাতন ডেকাক ৷ ইয়াৰ পাছত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে মৃত্যু হয় সনাতন ডেকাৰ ৷ এই ঘটনা সন্দৰ্ভত এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ঘটনাত জড়িত আটাইকেইগৰাকী দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী তুলিছে ৰাজ্যবাসীয়ে ৷

লগতে পঢ়কঃ হাজোত সংঘটিত এক নৃশংস হত্যাকাণ্ড

Last Updated : May 25, 2020, 6:06 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.