আজাৰা, 28 ছেপ্তেম্বৰ: দক্ষিণ কামৰূপৰ বিজয়নগৰত জব্দ কৰা হৈছে এখন চোৰাং চাউল ভৰ্তি ট্ৰাক ৷ ছয়গাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ট্ৰাকখন জব্দ কৰি বিজয়নগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ৫০০ বেগ চোৰাং চাউল ৷ AS 01 DD 4379 নম্বৰৰ ট্ৰাকখনে সোমবাৰে পুৱা ছয়গাঁৱৰ চাটাবাৰী অঞ্চলৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলোৱা আৰক্ষীয়ে চাউলখিনি বৰদিয়া চাপৰি আঞ্চলিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ অৱশ্যে তদন্তৰ খাতিৰত কোনো মন্তব্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷
উল্লেখ্য যে, পূৰ্বেও চোৰাং চাউলৰ অবৈধ ব্যৱসায় চলোৱাৰ অপৰাধত বৰদিয়া চাপৰি আঞ্চলিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী কিছুমাহ পূৰ্বে ৰঙাঘৰৰ আলহী হৈছিল ৷ পলাশবাৰী আৰক্ষীয়ে ট্ৰাকসহ চালকজনক কৰায়ত্ত কৰি অব্যাহত ৰাখিছে সোধ-পোছ ৷