ৰঙিয়া, 30 জুলাই: লক্ ডাউনৰ ফলত আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াৰ বাছ, ট্ৰাক আদিৰ চালকৰ লগতে কৰ্মচাৰীসকল ৷ কেৱল আন্তঃজিলা যাতায়াতৰ ব্যৱস্থা বন্ধ কৰি দিয়াৰ বাবেই নহয়, সম্প্ৰতি পেট্ৰ'ল ডিজেলৰ বৰ্ধিত মূল্য, টোলগেট সমূহৰ বাবেও দুৰ্ভোগ ভুগিবলগীয়া হৈছে পৰিবহণৰ লগত জড়িত লোকসকলে ৷ যাৰ বাবে এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঋণ লৈ বাহন ক্ৰয় কৰা বাহনৰ গৰাকীসকলৰো ৷ এফালে ঋণৰ বোজা আনফালে বেংকৰ হেঁচাত এতিয়া বিৰ দি বাট নোপোৱা অৱস্থা হৈছে স্বত্বাধিকাৰী সকলৰ ৷ উল্লেখ্য যে, চৰকাৰে ঘোষণা কৰিছিল, কৰ পৰিশোধৰ ক্ষেত্ৰত দিয়া হ'ব কিছু পৰিমাণৰ ৰেহাই ৷ কিন্তু মালিক পক্ষৰ অভিযোগ অনুসৰি, তেওঁলোকে এই পৰ্যন্ত লাভ কৰা নাই তেনে কোনো সুবিধা ৷ মালিক পক্ষৰ চৰকাৰলৈ দাবী যাতে তেওঁলোকক এই ক্ষেত্ৰত কিছু পৰিমাণে সকাহ দিয়াৰ ব্যৱস্থা কৰে ৷
আনহাতে পৰিবহণ ক্ষেত্ৰত লগত জড়িত লোকসকলৰ দুৰৱস্থাৰ দিশটোত আলোকপাত কৰে ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই ৷ তেওঁ অভিযোগ উত্থাপন কৰিছে যে, আৰ্থিক দুৰৱস্থাৰ বাবে পৰিয়াল পোহপাল দিব নোৱাৰা এই ক্ষেত্ৰখনৰ লগত জড়িত লোকৰ বাবে চৰকাৰে কৰা নাই কোনো ব্যৱস্থা ৷ শেহতীয়াকৈ ভাৰত চৰকাৰে ঘোষণা কৰা 20 লাখ কোটি টকাৰ আঁচনিৰ পৰা যাতে ক্ষুদ্ৰ অংশ এই লোকসকলক প্ৰদান কৰে তাৰ বাবে দাবী উত্থাপন কৰিছে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷
লগতে পঢ়ক: এহাল বিপ্লৱী দম্পতীৰ জীৱন সংগ্ৰাম