ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP TEN AT 1 PM

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jan 12, 2021, 1:08 PM IST

ভোগালীৰ প্ৰস্তুতিত ব‍্যস্ত বিধায়ক মৃণাল শইকীয়া

কাইলৈ উৰুকা,উৰুকাৰ প্ৰাকমূহুৰ্তত অসমৰ প্ৰতিখন জিলাতে চলিছে ব্যাপক প্ৰস্তুতি ৷ প্ৰত্যেক বছৰৰ দৰে এইবাৰো ভোগালীৰ প্ৰস্তুতিত ব‍্যস্ত হ'ল বিধায়ক মৃণাল শইকীয়া। শৈশৱত খৰি ফলা আদিক লৈ নষ্টালজিক বিধায়ক গৰাকী। মঙলবাৰে পুৱাৰে পৰা খৰি ফলাত ব্যস্ত হ'ল বিধায়ক মৃণাল শইকীয়াই । মেজিৰ তলত হাঁহে মাহে খোৱাৰ প্ৰস্তুতি বিধায়ক গৰাকীৰ। এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...

নিৰ্বাচনৰ তৎপৰতাঃ আমিনগাঁৱত ইখনৰ পিছত সিখনকৈ বৈঠক নাড্ডাৰ

সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা শিলচৰৰ পৰা গুৱাহাটীত উপস্থিত হোৱাৰ পাচতে নাড্ডাই অংশগ্ৰহণ কৰে বহুকেইখন বৈঠকত ৷ বৈঠকত নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ৷ য'ত নিৰ্বাচনী বিষয়াৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে ৷

সামৰণি পৰিল নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন

10 আৰু 11জানুৱাৰীত ওদালগুৰিত অনুষ্ঠিত হোৱা নিখিল বড়ো ছাত্ৰসন্থাৰ অধিবেশনখনৰ সোমবাৰে সুকলমে সমাপ্ত হয় ৷ অধিবেশনৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ উপ-কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী,এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো ৷

মিৰ্জাৰ তিনিআলিত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ

সোমবাৰে মিৰ্জাৰ তিনিআলিত উদ্ধাৰ হয় এজন অচিনাক্ত লোকৰ মৃতদেহ ৷ মৃতদেহটোৰ বৰ্তমানেও জানিব পৰা হোৱা নাই পৰিচয় ৷ পলাশবাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ উপস্থিতিত প্ৰীতিভোজ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ উপস্থিত খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত দলীয় কৰ্মীসভা আৰু প্ৰীতিভোজৰ আয়োজন ৷

লাইকা-দধিয়াবাসীৰ মাজত পলাশ চাংমাই

লাইকা-দধিয়াবাসী ৰাইজৰ মাজত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই । লাইকা দধিয়াবাসীৰ পৰিস্থিতিৰ বুজ ল'বলৈ গৈ চৰকাৰক তীব্ৰ সমালোচনা পলাশ চাংমাইৰ।

যোৰহাটত ভোগালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি

পশ্চিম যোৰহাটৰ চৰাইবাহী দুলিয়া গাঁৱৰ ৰাইজে এইবাৰ উৰুকাৰ বাবে সাজি উলিয়াইছে দিল্লী সংসদ ভৱনৰ আৰ্হিত ভেলাঘৰ । আনহাতে মহিলাসকলে আলহী- অতিথিক আপ্যায়নৰ বাবে আখলত পিঠা,লাৰু বনোৱাত ব্যস্ত পৰা পৰিলক্ষিত হৈছে ৷

ধেমাজিত মীন বিভাগৰ উপদেশ পালন কৰি বিপদত মীন পালক

ধেমাজি মীন বিভাগে চৰকাৰী আঁচনিৰ সুবিধা লৈ মীন পালক বুঢ়াগোহাঁইক অধিক মৎস্য উৎপাদন কৰিবলৈ উৎসাহিত কৰাৰ প্ৰয়াস চলাইছিল যদিও ই কাৰ্যত মীন পালক জনক নিৰুৎসাহিত হে কৰি তুলে ৷ বিভাগটোৱে আৱন্টন দিয়া কেইবা-লক্ষ টকাৰ এক আঁচনি অধীনত উন্নত পদ্ধতিৰে কছ জাতীয় মাছ পালন কৰিবলৈ পৰামৰ্শ দিয়ে ৷ কাৰ্যত চৰকাৰী এই আঁচনিৰ অধীনত মাছ উৎপাদন কৰিবলৈ গৈ এতিয়া বিপদৰ হে সন্মুখীন হৈছে মীন পালক জন ৷ প্ৰাপ্ত বয়ষ্ক নহওঁতেই বহু মাছ বেমাৰত সংক্ৰমিত হৈছে ৷

কোকৰাঝাৰত উদ্ধাৰ পৌৰাণিক যুগৰ ৰূপৰ মুদ্ৰা

কোকৰাঝাৰ জিলাৰ অণ্ঠাইবাৰী অঞ্চলত উদ্ধাৰ পৌৰাণিক যুগৰ ৰূপৰ মুদ্ৰা ৷ পথাৰত মাটি খান্দি থাকোতে উদ্ধাৰ কৰা হৈছে পৌৰাণিক যুগৰ এই ৰূপৰ মুদ্ৰাসমূহ ৷

আন্দোলনৰে পুনৰ ৰাজ্য কপাঁব চাহ মজদুৰ সংঘই !

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, ভূমি পট্টা প্ৰদান কৰাৰ লগতে অনান্য কেইবাটাও দাবীৰে অসম চাহ মজদুৰ সংঘই অহা ১৮ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.