ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 7PM

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Apr 24, 2021, 7:02 PM IST

ক'ভিড আক্ৰান্ত হোমেন বৰগোহাঞিঃ জিএমচিএইচত ভৰ্তি

শনিবাৰে এন্টিজেন টেষ্টত বৰেণ্য সাংবাদিক গৰাকীৰ শৰীৰত ক'ভিডৰ সংক্ৰমণ ধৰা পৰে । লগে লগে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ।

গোসাইগাঁৱত পুনৰ বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ৰিপু সংৰক্ষিত বনাঞ্চলত শনিবাৰে পুনৰ বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ বৰ্তমানেও বনাঞ্চল খনত অভ্যাহত আছে আৰক্ষী এছ এছ বিৰ যৌথ অভিযান ৷

ONGC তিনি বিষয়াৰ অপহৰণ সন্দৰ্ভত আলফা (স্বাধীন)ৰ প্ৰেছ বিবৃতি

আলফাই প্ৰেছ বিবৃতি যোগে সদৰি কৰি জনাই যে, মোহিনি মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শকীয়াক সংযুক্ত মুক্তি বাহিনী অসমে নিজৰ জিম্মাত লোৱাৰ পিছতে ONGC য়ে, ভাৰতীয়ে সেনা বাহিনী আৰু অসম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে সন্মিলিত ভাবে অভিয়ান চলাই মুকলি কৰি নিবলৈ চেষ্টা চলোৱাৰ ফলত একাধিক বাৰ আলফা (স্বাধীন) আৰু সেনা বাহিনীৰ মাজত নিশা 10 বজাৰ পৰা 2.30 বজালৈ সংঘষৰ সূত্ৰপাত্ৰ হয় ৷

এক প্ৰত্যাহ্বানপূৰ্ণ অভিযানৰ দিশে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমণ

ন্যায়াধীশ ৰমণৰ সন্মুখত আছে বহু প্ৰত্যাহ্বান । কেৱল অমীমাংসিত গোচৰৰ বোজা হ্ৰাস কৰাই নহয়, খালী পদবোৰ পূৰণ কৰাৰ বাবেও ন্যায়াধীশ ৰমণৰ কলেজিয়ামত এক কঠিন কাম আছে । সমগ্ৰ দেশতে অমীমাংসিত গোচৰসমূহ ৪.৪ কোটিৰ সীমাত উপনীত হোৱাৰ লগে লগে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ভাৰতৰ সংবিধানৰ ২২৪ এ অনুচ্ছেদৰ অধীনত এডহ’ক ন্যায়াধীশ নিযুক্তিৰ বাবে সেউজ সংকেত প্ৰদান কৰে ।

ONGC ৰ অপহৰণ কাণ্ডৰ লগত জড়িত বিপ্লৱজ্যোতি মহন !

শিমলুগুৰি আৰক্ষী থানাত শিৱসাগৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ সংবাদ মেল । এই সংবাদমেলৰ পাচতে চৰ্চালৈ আহিছে বিপ্লৱজ্যোতি মহনৰ নাম ৷ বিপ্লৱজ্যোতি মহনক সহায় কৰিছিল বিৰাজ চেতিয়াই ৷

অপহৃত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ শেহতীয়া তথ্যৰে গ্ৰাউণ্ড ৰিপৰ্ট...

নাগালেণ্ড আৰক্ষী আৰু সেনাই চলোৱা যুটিয়া অভিযানত ONGC ৰ দুই বিষয়া-কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দলটোৱে ৷ অৱশ্যে এতিয়ালৈকে কোনো সন্ধান পোৱা নাই আনগৰাকী অপহৃত অতুল শইকীয়াৰ ৷ বৰ্তমানলৈকে অতুল শইকীয়াৰ সন্ধানত সেনা-আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

অসম আৰক্ষীক ধন্যবাদ জনালে মোহিনী মোহন গগৈৰ পিতৃ মাতৃয়ে

অৱশেষত নাগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ হ'ল অপহৃত ONGC ৰ দুই বিষয়া ক্ৰমে অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈ ৷ এই খবৰ পোৱা পাচতে দুই বিষয়াৰ পৰিয়ালত আনন্দ বন্যা বোৱা দেখা গৈছে ৷ উল্লেখ্য যে, এতিয়ালৈকে কোনো খবৰ পোৱা নাই ৰিতুল শইকীয়াৰ ৷

মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

যিসকল লোকে অসাৱধানতাৰে অৰ্থাৎ কোনো কোনো লোকে ডিঙিত, নাকৰ তলত মাস্ক পৰিধান কৰে, সেইসকল লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ।

সুৰা নথকাত ছেনিটাইজাৰ পান কৰি ৫ জনৰ মৃত্যু

লকডাউনৰ বাবে পাবলৈ নাই সুৰা । তথাপিও সুৰাৰ ৰাগীত মাতাল হোৱাৰ মন । অৱশেষত সুৰা নাপাই পান কৰিলে হেণ্ড ছেনিটাইজাৰ । ইয়াৰ পিছৰ পৰিস্থিতি অতি ভয়াৱহ । হেণ্ড ছেনিটাইজাৰ পান কৰি প্ৰাণ হেৰুৱালে ৫ জন লোকে ।

কৰ’ণাক লৈ কঠোৰ ডিমা হাছাও জিলা প্ৰশাসন

ডিমা হাছাওত প্ৰশাসনৰ দ্বাৰা অনুষ্ঠিত সজাগতা সভা ৷ জিলা উপায়ুক্ত পল বৰুৱাই হাফলঙৰ সাধাৰণ লোকৰ মাজত কৰ'ণাক লৈ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.