ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ - শীৰ্ষ দহটা খবৰ

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : May 7, 2021, 5:01 PM IST

কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, জল্পনা-কল্পনা অব্যাহত

অসমৰ ৰাজনীতিত কোনোকালে নোহোৱা-নোপোজা ঘটনা এয়ে যে, ফলাফল ওলোৱাৰ এসপ্তাহ হোৱাৰ পাছতো কিন্তু সংখ্যাগৰিষ্ঠতা লাভক বিজেপিয়ে চৰকাৰ গঠন নকৰা বিষয়টোৱে অসমৰ ৰাজনৈতিক পৰিবেশ উত্তাল কৰি ৰাখিছে । এফালে মহামাৰী কৰোণাৰ সংহাৰী ৰূপ, প্ৰয়োজন এখন শক্তিশালী চৰকাৰ আৰু আনফালে মুখ্যমন্ত্ৰীকেন্দ্ৰীক সংঘাটৰ বাবে আজিও ৰাজভৱন চৌহদত নিমাওমাও পৰিবেশ।

কোন হ‘ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি আৰু বিৰোধী দলপতি !

ৰাজ্যত এতিয়া মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ চৰ্চা অব্যাহত থকাৰ সমান্তৰালকৈ চলিছে কোনে নেতৃত্ব বহন কৰিব প্ৰদেশ কংগ্ৰেছৰ আৰু বিধানসভাত কোনে লাভ কৰিব বিৰোধী দলপতিৰ মৰ্যাদা ৷

আহোম জনগোষ্ঠীৰ পৰা মন্ত্ৰী বিছাৰি টাই আহোম যুৱ পৰিষদৰ সংবাদমেল

মাহমৰাৰ বিধায়ক যোগেন মহন আৰু মৰাণৰ বিধায়ক চক্ৰধৰ গগৈক কেবিনেট মন্ত্ৰী বিচাৰি মৰাণত টাই আহোম যুৱ পৰিষদৰ সংবাদমেল ৷

কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা ? এই লৈ বিগত কেইবাটাও দিন ধৰি চলি আহিছে বিভিন্ন জল্পনা-কল্পনা ৷ এই জল্পনা-কল্পনা চলি থকাৰ মাজতে নতুন দিল্লীত আৰম্ভ হৈছে সংসদীয় কমিটিৰ বৈঠক ৷

প্ৰাপ্য সুৰক্ষিত কৰাৰ দাবীত অ'এনজিচিৰ অস্থায়ী শ্ৰমিকৰ প্ৰতিবাদ

অ'এনজিচিৰ ডেৰ শতাধিক অস্থায়ী শ্ৰমিকে শুকুৰবাৰে শিৱসাগৰ অ'এনজিচি যানবাহন কন্ট্ৰ'ল ৰূমৰ চৌহদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ শ্ৰমিকসকলৰ সুৰক্ষা আৰু প্ৰাপ্য সুৰক্ষিত কৰিবৰ বাবে ঠিকাভিত্তিক চালক সকলে অ'এনজিচি কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ বাবেই উপায়হীন হৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্ৰমিক সকলে।

গোলাঘাটত ১৮-৪৪ বছৰৰ সকলোকে ভেকচিন দিয়াৰ ব্যৱস্থা

গোলাঘাটত আজিৰে পৰা আৰম্ভ হৈছে ক'ভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া ৷ ১৮ বছৰৰ পৰা ৪৪ বছৰৰ সকলো লোককে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে জিলাখনৰ স্বাস্থ্য বিভাগে ৷

চাহ বাগিচাৰ কৰ্তৃপক্ষৰ সৈতে বৈঠকত বহিল ডিব্ৰুগড় জিলা প্ৰশাসন

বৰ্তমান পৰিস্থিতিত ক'ভিড ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লোৱা পদক্ষেপ হিচাপে শুকুৰবাৰে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলাখনৰ চাহ বাগিচা সমূহৰ কৰ্তৃপক্ষৰ লগতে বিভিন্ন সংগঠনৰ উপস্থিতিত এখনি বৈঠক অনুষ্ঠিত কৰা হয় । উক্ত সভাখনত জিলা উন্নয়ন আয়ুক্ত পার্থ প্ৰতীম বৈৰাগীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক উপস্থিত থাকে ।

বজালী জিলাত 18 বছৰৰ উৰ্ধৰ ব্যক্তিক ভেকচিন প্ৰদান

বজালী জিলাৰ ভৱানীপুৰ আৰু পাঠশালাত আজিৰে পৰা আৰম্ভ হৈছে ভেকচিন প্ৰদানৰ ব্যৱস্থা ৷ 18 বছৰৰ উৰ্ধৰ সকলো ব্যক্তিকে প্ৰদান কৰা হয় ভেকচিন ৷

খৰাঙৰ বাবে মূৰে-কপালে হাত দিছে চাহ খেতিয়কে

বিহালীত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত হাহাকাৰ ৷ খৰাঙৰ বাবে চাহপাত উৎপাদনৰ পৰা বঞ্চিত হৈ পৰিছে একাংশ চাহ খেতিয়ক ৷

অসমত ঘণ্টাত গড়ে দুজন ক'ভিড ৰোগীৰ মৃত্যু

অসমত বিগত ২৪ ঘণ্টাত ৪৬ গৰাকী লোকে ক'ভিডত প্ৰাণ হেৰুৱালে । ইয়াৰে ১৩ গৰাকী ৰোগী কামৰূপ মহানগৰ জিলাৰ বুলি জানিব পৰা গৈছে । বুধবাৰৰ দিনটোত ৫৫ গৰাকী লোকৰ ক'ভিডত মৃত্যু হৈছিল । সম্প্ৰতি ৰাজ্যখনত ১৫৩১ গৰাকী লোকৰ কৰ'ণাত মৃত্যু হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.