ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Apr 3, 2021, 5:00 PM IST

5 বজাৰ দহটা শীৰ্ষ বাতৰি

5 বজাৰ দহটা শীৰ্ষ বাতৰি
5 বজাৰ দহটা শীৰ্ষ বাতৰি

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰী আছুৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ ৰাজ্যজুৰি প্ৰতিবাদ ৷ নলবাৰীতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আছুকৰ্মীসকলে শনিবাৰে পালন কৰে পদযাত্ৰা শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৷

24 ঘন্টা হ্ৰাস পালে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত থকা নিষেধাজ্ঞা

হ্ৰাস পালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত নিৰ্বাচন আয়োগে প্ৰদান কৰা নিষেধাজ্ঞাৰ সময়সীমা ৷ 4 এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব পাৰিব মন্ত্ৰী গৰাকীয়ে ৷

বিজেপিৰ আভ্যন্তৰীণ সমীক্ষা: প্ৰথম পৰ্যায়ত হেৰুৱাব ৫ খন আসন, ১৫ খনত যুঁজ

ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱা ৪৭ টা সমষ্টিৰ সমীক্ষা সম্পূৰ্ণ হৈছে । আনহাতে, ৩৯ টা সমষ্টিত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰো সমীক্ষা ইতিমধ্যে আৰম্ভ হৈছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সমীক্ষাৰ প্ৰতিবেদন অনুসৰি, ৪৭ টা সমষ্টিত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহত তাৰে ৫ টা সমষ্টি বিজেপি বা মিত্ৰদলে লাভ নকৰাটো প্ৰায় নিশ্চিত । বাকী ৪২ টা সমষ্টিৰ ভিতৰত ১২ টাৰ পৰা ১৫ টা সমষ্টিত তীব্ৰ প্ৰত্যাহ্ববানৰ মুখামুখি হ'বলগীয়া হৈছে বিজেপি ।

অস্ত্ৰোপচাৰৰ পিছত স্বাস্থ্যৰ উন্নতি ঘটিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক শনিবাৰে সপ্তাহৰ আৰম্ভণিতে নতুন দিল্লীৰ এইমছত হোৱা বাইপাছ অস্ত্ৰোপচাৰৰ পিছত ইনটেন্সিভ কেয়াৰ ইউনিট (আইচিইউ)ৰ পৰা চিকিৎসালয়খনৰ এটা বিশেষ কোঠালৈ স্থানান্তৰ কৰা হৈছে ৷

কৰিমগঞ্জৰ ইভিএম কাণ্ড: গ্ৰেপ্তাৰ 6 আক্ৰমণকাৰী

কৰিমগঞ্জত বিজেপি নেতাৰ বাহনত ইভিএম উদ্ধাৰ হোৱা ঘটনাই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ তাৰ মাজতে উক্ত ঘটনাত বাহন ভঙা আৰু চালকক প্ৰহাৰ কৰা সন্দৰ্ভত প্ৰিজাইডিং বিষয়া ছাহাব উদ্দিন তালুকদাৰে ৰুজু কৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ছয়জন লোকক ৷

কুইপ’ৰ অপহৃত বিষয়াক মুক্তি

তিনি মাহ চৈধ্য দিনৰ অন্তত আলফা (স্বা) য়ে মুকলি কৰি দিলে প্ৰণৱ গগৈক

বৰলুইতত জঁপিয়ালে এজন ব্যক্তিয়ে

শনিবাৰে উত্তৰ গুৱাহাটীত লুইতৰ বুকুত অঘটন ৷ নদীৰ মাজত জাহাজৰ পৰা জঁপিয়ালে এজন ব্যক্তিয়ে ৷

আই আই টি গুৱাহাটীত ছাত্ৰী নিৰ্যাতনৰ অভিযোগ

ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আই আই টি গুৱাহাটীত ৷ প্ৰতিষ্ঠানখনৰ এগৰাকী ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনা সন্দৰ্ভত আটক কৰা হৈছে এজনক ৷

কেমেৰাৰ সন্মুখতে ডুবিল যাত্ৰীসহ বলেৰ' গাড়ী

শুকুৰবাৰে পুৱা কাৰ্বি আংলং-নাগালেণ্ড সীমান্তত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা ৷ কেমেৰাৰ সন্মুখতে ধনশিৰি নদীত বুৰ যায় যাত্ৰীসহ এখন বলেৰ' গাড়ী ৷ সৌভাগ্যক্ৰমে দুয়োজন লোক গাড়ীখনৰ পৰা কথমপি বাহিৰলৈ ওলাই নদীত সাঁতুৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ আনহাতে, এই সমগ্ৰ শিহৰণকাৰী দৃশ্য বন্দী হৈ ৰৈছিল প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত ৷

সবাতোকৈ ধনী প্ৰাৰ্থীজন প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত

ইউ পি পি এল দলত নতুনকৈ যোগদান কৰি পশ্চিম কোকৰাঝাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মনোৰঞ্জন ব্ৰক্ষ্মৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ২৬৮ কোটি টকা ৷ ঠিকাদাৰ মনোৰঞ্জন ব্ৰক্ষ্মই হাগ্ৰামা মহিলাৰীৰ দিনত বিটিচিৰ গড়কাপ্টানিৰ অধিকাংশ ঠিকা কাম লাভ কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.