সোণাৰি থানা পালেহি সদ্য মুক্তি প্ৰাপ্ত ৰিতু শইকীয়া
অৱশেষত অসম পালেহি ৰিতুল শইকীয়া। নাগালেণ্ডৰ পৰা নামতুলা হৈ অসমত প্রৱেশ কৰিলে ৰিতুল শইকীয়াই ৷ ৰিতুল শইকীয়াৰ মুক্তিৰ খবৰ লাভ কৰাৰ পাচতে তেখেতৰ পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিৰ মুখত বিৰিঙিছে হাঁহি ৷ ইতিমধ্যে স্বামীক স্বচক্ষে চোৱাৰ লগতে তেখেতক আদৰিবলৈ সোণাৰী থানাত উপস্থিত হৈছেগৈ ৰিতুল শইকীয়াৰ পত্নী ৷
কিশোৰী নিৰ্যাতনৰ গোচৰত অভিযুক্ত কোন এইগৰাকী আইপিএছ গৌৰৱ উপাধ্যায় ?
এগৰাকী ১৩ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী আইপিএছ বিষয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছ ৷ শেহতীয়াকৈ বিটিআৰৰ এখন জিলাত আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি লাভ কৰা আইপিএছ বিষয়া গৰাকীক নিলম্বন কৰাৰ দাবী তুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লৈ এক দাবীপত্ৰ প্ৰেৰণ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ অধ্যক্ষ সুস্মিতা দেৱে ৷
সোঁ-শৰীৰে স্ব-গৃহলৈ ৰিতুল শইকীয়া
প্ৰায় এটা মাহৰ অন্তত স্ব-ভূমিত উপস্থিত হৈছে অপহৃত ৰিতুল শইকীয়া ৷ শনিবাৰে পুৱা প্ৰায় 7 বজাত ভাৰত-ম্যানমাৰ সীমান্তৰ লংৱা গাঁৱত আলফা স্বাধীনে মুকলি কৰি দিয়ে অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী গৰাকীক ৷ বহু অপেক্ষাৰ অন্তত ঘৰৰ অভিমুখে যাত্ৰা কৰিছে ৰিতুলে ৷
অসমলৈ গৌৰৱ কঢ়িয়ালে ড৹ জুবিলী পুৰকায়স্থই
এন্টি-ক'ভিড ড্ৰাগ '2-DG' ৰ বিকাশ প্ৰক্ৰিয়াত জড়িত অসমৰ জীয়ৰী ড৹ জুবিলী পুৰকায়স্থ ৷ কৰিমগঞ্জ জিলাৰ মহিশাসনৰ বাসিন্দা ড৹ জুবিলী পুৰকায়স্থৰ এই অৰিহনাত গৌৰাম্বিত সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসী ৷ '2-DG' ৰ বিকাশ প্ৰক্ৰিয়াত জড়িত ডিআৰডিঅ'ৰ দলৰ সৈতে পোনপটীয়াভাৱে সংযুক্ত হৈ আছিল অসম জীয়ৰী ড৹ জুবিলী পুৰকায়স্থ ৷
ক'ভিড-19: আক্ৰান্তৰ হাৰ কমিলেও কমা নাই মৃত্যুৰ হাৰ
অসমত ক'ভিডত আক্ৰান্তৰ হাৰ প্ৰায় ১০ শতাংশ পৰা ৫.৮৮ শতাংশলৈ হ্ৰাস ৷ মৃত্যৰ হাৰ ০.৫০ শতাংশৰ পৰা ০.৭২ শতাংশলৈ বৃদ্ধি ৷ আৰোগ্যৰ হাৰ ৮৪.২২ শতাংশ ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১,০৩,১৫৮ গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন ৷ ইয়াৰে ৬,০৬৬ গৰাকীৰ দেহত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি ৷
মঙলদৈত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰীৰ কিয় উঠিল খং ?
মঙলদৈ অসামৰিক চিকিৎসালয়ত শনিবাৰে আকস্মিক পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ চিকিৎসালয়খনত ক’ভিড কেয়াৰ চেন্টাৰ আৰু নিৰ্মীয়মান আইচিইউ পৰিদৰ্শন কৰি ক্ষোভিত হৈ পৰে মন্ত্ৰীগৰাকী ৷ এবছৰে আইচিইউৰ কাম সম্পূৰ্ণ হৈ নুঠাত দায়িত্বত থকা বিভাগীয় লোকক সপ্তাহটোৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷
শনিবাৰে পঞ্চদশ বিধানসভা অধিবেশনত প্ৰথম ভাষণ দিব ৰাজ্যপালে
পঞ্চদশ অসম বিধানসভাৰ প্ৰথম অধিবেশনৰ দ্বিতীয়টো দিনা সদনত ভাষণ প্ৰদান কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে ।
কলগাছিয়াৰ গুইলেজাত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া
বৰপেটা জিলাৰ কলগাছিয়াৰ গুইলেজাত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া । গৰাখহনীয়াত ইতিমধ্যে বহু লোকে আপোন ঘৰখন হেৰুৱাই নিৰাপদ স্থানত আশ্ৰয় লৈছে । অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে দাবী জনাইছে নতুন চৰকাৰক ।
বিভাগৰ অৱহেলা, ৰাইজে নিজে মেৰামতি কৰিলে বানে ধ্বংস কৰা পথ
বিগত বৰ্ষৰ বানত বেয়াকৈ ধ্বংস হৈছিল সৰ্থেবাৰী পথৰ বহু অংশ ৷ ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতি কৰিবৰ বাবে দাবী জনাইছিল যদিও আজিকোপতি সহাঁৰি লাভ নকৰিলে ৷ এনে পৰিপেক্ষিততে ৰাইজে হাতে হাতে দা-কোৰ লৈ ওলাই আহিল ৰাজপথ নিৰ্মাণৰ বাবে ৷
নগাঁৱত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ
বন্যহস্তীৰ আক্ৰমণত নগাঁৱত প্ৰাণ গ'ল বাপুকণ ৰাভা নামৰ এজন লোকৰ ৷ খৰি কাটিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনাটো ৷