মিৰ্জাৰ তিনিআলিত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ
সোমবাৰে মিৰ্জাৰ তিনিআলিত উদ্ধাৰ হয় এজন অচিনাক্ত লোকৰ মৃতদেহ ৷ মৃতদেহটোৰ বৰ্তমানেও জানিব পৰা হোৱা নাই পৰিচয় ৷ পলাশবাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ৷
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ উপস্থিতিত প্ৰীতিভোজ
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ উপস্থিত খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত দলীয় কৰ্মীসভা আৰু প্ৰীতিভোজৰ আয়োজন ৷
ধেমাজিত মীন বিভাগৰ উপদেশ পালন কৰি বিপদত মীন পালক
ধেমাজি মীন বিভাগে চৰকাৰী আঁচনিৰ সুবিধা লৈ মীন পালক বুঢ়াগোহাঁইক অধিক মৎস্য উৎপাদন কৰিবলৈ উৎসাহিত কৰাৰ প্ৰয়াস চলাইছিল যদিও ই কাৰ্যত মীন পালক জনক নিৰুৎসাহিত হে কৰি তুলে ৷ বিভাগটোৱে আৱন্টন দিয়া কেইবা-লক্ষ টকাৰ এক আঁচনি অধীনত উন্নত পদ্ধতিৰে কছ জাতীয় মাছ পালন কৰিবলৈ পৰামৰ্শ দিয়ে ৷ কাৰ্যত চৰকাৰী এই আঁচনিৰ অধীনত মাছ উৎপাদন কৰিবলৈ গৈ এতিয়া বিপদৰ হে সন্মুখীন হৈছে মীন পালক জন ৷ প্ৰাপ্ত বয়ষ্ক নহওঁতেই বহু মাছ বেমাৰত সংক্ৰমিত হৈছে ৷
কোকৰাঝাৰত উদ্ধাৰ পৌৰাণিক যুগৰ ৰূপৰ মুদ্ৰা
কোকৰাঝাৰ জিলাৰ অণ্ঠাইবাৰী অঞ্চলত উদ্ধাৰ পৌৰাণিক যুগৰ ৰূপৰ মুদ্ৰা ৷ পথাৰত মাটি খান্দি থাকোতে উদ্ধাৰ কৰা হৈছে পৌৰাণিক যুগৰ এই ৰূপৰ মুদ্ৰাসমূহ ৷
আন্দোলনৰে পুনৰ ৰাজ্য কপাঁব চাহ মজদুৰ সংঘই !
চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, ভূমি পট্টা প্ৰদান কৰাৰ লগতে অনান্য কেইবাটাও দাবীৰে অসম চাহ মজদুৰ সংঘই অহা ১৮ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ।
আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত জেপি নাড্ডাৰ ৰুদ্ধদাৰ বৈঠক
ৰাজ্যিক বিজেপিৰ ক'ৰ কমিটিৰ, নিৰ্বাচন সমিতি আৰু অফিচৰ বিষয়াৰ সৈতে তিনিখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী ৷
কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বৃদ্ধ
কলিয়াবৰত হাতীৰ আক্ৰমণত নিহত বৃদ্ধ ৷ নিশা 9 বজাত ঘৰতে বনৰীয়া হাতীয়ে আক্ৰমণ চলাই লোকজনক ৷
অসমত উপস্থিত নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দল
নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটোৱে উজনি অসমৰ জিলাসমূহৰ শীৰ্ষ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয় ।
চৰকাৰলৈ শেষ সকীয়নি লাইকা-দধীয়াবাসীৰঃ 20 জানুৱাৰী শেষ তাৰিখ
সোমবাৰে তিনিচুকীয়াৰ বৰগুৰি জানমুখ লেজাইহুলাত এক ৰাজহুৱা সংবাদমেল আয়োজন কৰি চৰকাৰক সময় বান্ধি দিলে লাইকা-দধিয়াবাসী ৰাইজে ৷ তিনিটা মুখ্য দাবীৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে প্ৰতিবাদকাৰী সকলে ৷
এছিয়াৰ প্ৰসিদ্ধ টাৱাং মনাষ্ট্ৰীত তিৰজ্ঞা আৰম্ভ
মনপা জনজাতীয় বৌদ্ধ ধৰ্মৰ লোকসকলৰ ধাৰ্মিক উৎসৱ তিৰজ্ঞা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এছিয়াৰ প্ৰসিদ্ধ বৌদ্ধ মনাষ্ট্ৰী । বছেৰেকীয়া ধাৰ্মিক উৎসৱ টাৱাঙৰ মনপা জনগোষ্ঠীৰ বৌদ্ধিক কেলেণ্ডাৰ ডাউচুকচিপা অনুসৰি 28 ৰ পৰা 30 লৈ অৰ্থাৎ জানুৱাৰী মাহৰ 10 ৰ পৰা 12 তাৰিখলৈ অনুষ্ঠিত কৰা হয় এই উৎসৱ ৷