ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Sep 7, 2020, 1:00 PM IST

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

Top 10 at 1 pm
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

25 বছৰে প্ৰাদেশীকৰণ ন'হল কাকপথাৰৰ এখন কনিষ্ঠ মহাবিদ্যালয়

25 বছৰে অপ্ৰাদেশীকৃত হৈ ৰোৱা তিনিচুকীয়াৰ এখন কনিষ্ঠ মহাবিদ্যালয় ৷ প্ৰাদেশীকৃত হোৱাৰ সকলো থল থকাৰ পিচতো মহাবিদ্যালয়খন প্ৰাদেশীকৃত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনৰ ৷

ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে ৰিং বান্ধ

ব্ৰহ্মপুত্ৰৰ বানে এটা সুঁতিৰ সৃষ্টি কৰাত অঞ্চলটোৰ 1 নং আলিমুৰ, 2 নং আলিমুৰ ৰূপহীমুখকে ধৰি কেইবাখন গাঁৱৰ ৰাইজৰ ব্যাহত হৈ পৰিছে যাতায়ত ৷

ব্যক্তিগতকৰণ নহয় অসম ৰাজ্যিক চিৰিয়াখানা

ব্যক্তিগতকৰণ কৰা হোৱা নাই অসম ৰাজ্যিক চিৰিয়াখানা ৷ এই কথা স্পষ্ট কৰিলে চিৰিয়াখানাখনৰ বন বিষয়া তেজশ্ব মৰিশ্বামীয়ে ৷

সংকটত ঐতিহাসিক মাহমৰা আলিঃ নিৰ্মাণৰ 6 মাহ নহওঁতেই বখলা বখলে এৰিছে পথ

নামৰূপৰ পৰা টিংখাঙৰ দিচাং নদীৰ পাৰে পাৰে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সংযোগী এই ঐতিহাসিক ৰজাদিনীয়া আলিটোৰ এনে দুৰাৱস্থাৰ বাবে ক্ষোভ উজাৰিছে ৰাইজে ৷

বান পৰিস্থিতিক মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা বিধায়ক মৃনাল শইকীয়াৰ

গৃহ দুটা নিৰ্মাণৰ পাছতে যথেষ্ট উৎফুল্লিত হৈ পৰিছে অঞ্চল দুটাৰ স্থানীয় ৰাইজ ৷ আগন্তুক বৰ্ষটো আৰু দুটা ওখ চাংঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি জনাইছে বিধায়ক গৰাকীয়ে ৷

চিৰাঙত সক্ৰিয় বনবিভাগঃ এমাহতে আটক 4 দুধৰ্ষ চিকাৰী

বন্যহস্তী আৰু হাতীদাঁতৰ চোৰাং ব্যৱসায়ৰ ঘাটিলৈ পৰিণত হৈছে চিৰাঙৰ বনাঞ্চল ৷ শনিবাৰে চিৰাং বন বিভাগে অভিযান চলাই জিলাখনৰ ৰুণীখাটা থানাৰ অধীনৰ লাওপানী আশ্ৰাবাৰী গাঁৱৰ পৰা বন্দুক সহ এটা দুধৰ্ষ চোৰাং চিকাৰীক আটক কৰে ৷

মৰ্মান্তিকঃ কেনে পৰিস্থিতিত পৰিলে নিজ সন্তানক অনাথ আশ্ৰমত থব পাৰে মাতৃয়ে..

ওদালগুৰিৰ টংলা ৰূপাখাটাৰ ভানু বৰুৱা নামৰ মহিলাগৰাকী দীৰ্ঘদিনৰ পৰা আক্ৰান্ত হৈ আছে কৰ্কট ৰোগত ৷ ধনৰ অভাৱ আৰু নিজ চিকিৎসাৰ ফলত জুৰুলা হৈ পৰাত সন্তান পোহপাল দিব নোৱাৰি তেখেতে অনাথ আশ্ৰমত ৰাখিবলৈ বাধ্য হ’ল নিজৰ সন্তানক ৷

জোনাই, ধেমাজিত জনপ্ৰিয় সোণেশ্বৰ আৰু ৰামচন্দ্ৰই নিৰ্মাণ কৰা চেণ্ডেল

ঘৰতে লঘু উদ্যোগ স্থাপন কৰি স্বাৱলম্বিতাৰ বাট মুকলি কৰাৰ লগতে আনৰ বাবে আদৰ্শ হৈ পৰিছে ধেমাজিৰ চিচিবৰগাঁৱৰ দুই যুৱক ক্ৰমে সোনেশ্বৰ দিহিঙীয়া আৰু ৰামচন্দ্ৰ শইকীয়া ৷

আদালতত বিবাহ বিচ্ছেদৰ আবেদন সাংসদৰ

ওড়িয়া ছবিজগতৰ জনপ্ৰিয় জুটি অনুভৱ মোহান্তে আৰু বৰ্ষা প্ৰিয়দৰ্শিনীয়ে বিবাহৰ 6 বছৰৰ পিছত দাখিল কৰিছে বিবাহ বিচ্ছেদৰ আবেদন ৷ দিল্লীৰ এখন আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছে অভিনেতা তথা সাংসদ অনুভৱ মোহান্তেই ৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটো

আজি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সন্দৰ্ভত ৰাজ্যপালৰ আলোচনা চক্ৰ সম্বোধন কৰিব ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে, আজিয়েই বিহাৰত এক ভাৰ্চুৱেল ৰেলী সম্বোধন কৰিব বিহাৰৰ মুখ্যমন্ত্ৰীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.