ETV Bharat / state

Timber syndicates in Assam: ৰাজ্যত কাঠৰ চিণ্ডিকেট চলোৱা কোন এই খনিন আৰু গোবিন্দ ?

author img

By

Published : Aug 14, 2023, 10:19 AM IST

ৰাজ্যত দুই কাণ্ডাৰীয়ে চলাই আহিছে কাঠৰ চিণ্ডিকেটৰাজ ৷ এই দুই কাণ্ডাৰী হ’ল গোবিন্দ চৰকাৰ আৰু খনিন তালুকদাৰ ৷ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ এই অভিযোগ উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপ্ৰাপ্ত কাঠ ব্যৱসায়ী সন্থাৰ ৷

Timber syndicates in Assam
ৰাজ্যত অব্যাহত আছে কাঠৰ চিণ্ডিকেট
ৰাজ্যত অব্যাহত আছে কাঠৰ চিণ্ডিকেট

ৰঙিয়া, 14 আগষ্ট : ৰাজ্যত অব্যাহত আছে কাঠৰ চিণ্ডিকেট । গোবিন্দ চৰকাৰ আৰু খনিন তালুকদাৰে চলাইছে চিণ্ডিকেটৰাজ । এই অভিযোগ উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপ্ৰাপ্ত কাঠ ব্যৱসায়ী সন্থাৰ । আনকি কাঠৰ চিণ্ডিকেট সন্দৰ্ভত উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপ্ৰাপ্ত কাঠ ব্যৱসায়ী সন্থাই অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক প্ৰদান কৰে এখনি স্মাৰক পত্ৰ ৷ কিন্তু স্মাৰক পত্ৰ দিয়াৰ পিচতো কোনো সঁহাৰি নোপোৱাৰ অভিযোগ তুলিছে কাঠ ব্যৱসায়ী সন্থাটোৱে ।

সেয়ে দেওবাৰে ৰঙিয়াৰ ঐতিহাসিক কৃষক ভৱনত সংবাদমেলযোগে বিস্ফোৰক অভিযোগ আনিলে উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপ্ৰাপ্ত কাঠ ব্যৱসায়ী সন্থাই । সন্থাটোৱে উল্লেখ কৰা অনুসৰি, ৰাজ্যত 2021 চনৰ নৱেম্বৰ মাহৰ পৰা চিণ্ডিকেটৰাজৰ কথা উত্থাপন হৈছে ।

তাৰ পিচতো একো ব্যৱস্থা লোৱা নহ’ল চিণ্ডিকেটৰাজ চলোৱা কাঠৰ দুই কাণ্ডাৰীৰ বিৰুদ্ধে । সংবাদ মাধ্যমত ইতিমধ্যে চিণ্ডিকেটৰাজৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতে অত্যধিক হেঁচা প্ৰয়োগ কৰি একোখন কাঠ ভৰ্তি ট্ৰাকৰ পৰা ডেৰ লাখ টকাকৈ লয় গোবিন্দ চৰকাৰ আৰু খনিন তালুকদাৰে ।

লগতে সন্থাটোৰ সদস্যই কয় যে, সকলো নথি-পত্ৰ থকাৰ পিচতো গুন্দাটেক্স নিদিলে গুন্দা বাহিনীৰ হতুৱাই আৰক্ষী থানা অথবা বন বিভাগত চমজাই দিয়ে কাঠ ভৰ্তি ট্ৰাক । অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ডিমাপুৰৰ পৰা কাঠ ভৰ্তি ট্ৰাকবোৰ অসম অহাৰ লগে লগে চিণ্ডিকেটৰাজ চলোৱা দুই কাণ্ডাৰী গোবিন্দ চৰকাৰ আৰু খনিন তালুকদাৰক টকা নিদিলে যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলিও তেওঁলোকে কয় ।

সেই উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপ্ৰাপ্ত কাঠ ব্যৱসায়ী সন্থাই প্ৰতিখন থানাতে গোচৰ তৰিব গোবিন্দ চৰকাৰ আৰু খনিন তালুকদাৰৰ বিৰুদ্ধে । ইতিমধ্যে দুই কাণ্ডাৰীৰ বিৰুদ্ধে গোচৰ তৰিছে মহামান্য আদালতত । এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বন মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে । লগতে দুই কাঠ কাণ্ডাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

লগতে পঢ়ক : Drugs peddler detained: মৰিগাঁৱত ড্ৰাগছসহ আটক শ্বাহজাহান আলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.