ETV Bharat / state

ৰঙিয়াত 24 ঘণ্টাত তিনি গৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যু

author img

By

Published : May 14, 2021, 1:28 PM IST

ৰঙিয়াত ক্ৰমাৎ ভয়াৱহভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা 500 গৰাকীলৈ বৃদ্ধি পোৱাৰ পাচতে বিগত 24 ঘণ্টাত তিনিগৰাকী ক'ভিড আক্ৰান্তই মৃত্যুক সাৱটি লৈছে ৷

THREE COVID VICTIMS DIE WITHIN 12 HOURS IN RANGIA
ৰঙিয়াত 24 ঘণ্টাৰ ভিতৰত মৃত্যু তিনি ক'ভিড আক্ৰান্তৰ

ৰঙিয়া,14 মে': বুধবাৰ আৰু বৃহস্পতিবাৰে 24 ঘণ্টাৰ ভিতৰত তিনিগৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যুৰ পাচতে সমগ্ৰ ৰঙিয়াত আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা তথা ৰঙিয়াৰ উদিয়ানাৰ নিবাসী গুলাম আহমেদ হুছেইনৰ মৃত্যুৱে শোকস্তব্ধ কৰিছে ৰঙিয়াবাসীক ৷

উল্লেখ্য যে,বুধবাৰে অধিবক্তাগৰাকীক অসুস্থ অৱস্থাত ভৰ্তি কৰোৱা হৈছিল নাৰায়ানা চুপাৰ স্পেচিয়েলিটি হাস্পতালত । কিন্তু বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাতে অধিবক্তা গৰাকীৰ মৃত্যু হয় ৷ কৰ্তব্যৰ খাতিৰত গুৱাহাটী উচ্চ ন্যায়ালয়লৈ অহা যোৱা কৰি থকা অৱস্থাত কৰ'ণাত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোক তথা চিকিৎসকে ৷ ইফালে ৰঙিয়াত বৰ্তমানলৈকে ক'ভিড আক্ৰান্তৰ সংখ্যা 500ৰ ঘৰলৈ বৃদ্ধি পোৱাৰ পাচতো সজাগ হোৱা নাই একাংশ শিক্ষিত লোক ৷

লগতে পঢ়ক: ডিমা হাছাওত পুনৰ এজন কৰ'ণা আক্ৰান্তৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.