গুৱাহাটী,28 অক্টোবৰঃ দীপাৱলীৰ সময়ত ৰাজ্যত এইবাৰ হ্ৰাস পালে অগ্নিকাণ্ডজনিত আপাতকালীন ঘটনা ৷ সোমবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে ৰাজ্যিক অগ্নি আৰু আপাতকালীন বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া আৰ বগোটাই ৷ বিষয়াগৰাকীয়ে জনায় যে এইবাৰ সমগ্ৰ অসমত দীপাৱলীৰ দিনা উল্লেখনীয়ভাৱে হ্ৰাস পালে আপাতকালীন ঘটনাৰ সংখ্যা ৷ তেওঁ লগতে এইবাৰ সমগ্ৰ ৰাজ্যত 30 টা সৰু-বৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি ইটিভি ভাৰতক অৱগত কৰে ৷ অগ্নি আৰু আপাতকালীনজনিত ঘটনা হ্ৰাস পোৱাৰ মূলতে জিলা প্ৰশাসনসমূহৰ সৰ্তকতামূলক ব্যৱস্থাপনা আৰু জনসাধাৰণৰ মাজত বৃ্দ্ধি পোৱা সুৰক্ষাজনিত সজাগতাৰ সুফল বুলি বিষয়াগৰাকীয়ে মত ব্যক্ত কৰে ৷ ইফালে গুৱাহাটী মহানগৰীতো ৰাইজে সুকলমে দীপাৱলী উদযাপন কৰা বুলি তেখেতে উল্লেখ কৰে ৷
আনহাতে, যোৰহাটত দীপাৱলীৰ নিশা গেছ পৰিবাহী পাইপত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত উক্ত অগ্নিকাণ্ডটো আপাতকালীন বা দীপাৱলীত সংঘটিত অগ্নিকাণ্ড নহয় বুলি অৱগত কৰে বিষয়াগৰাকীয়ে ৷ তাৰোপৰি বিভাগীয় বিষয়াগৰাকীয়ে ৰাজ্যবাসীয়ে সজাগতাৰ সৈতে দীপাৱলী উদযাপন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে ৷