ETV Bharat / state

চাংসাৰি AIIMSত নিশা চোৰৰ লুটপাত

চাংসাৰিৰ নিৰ্মীয়মান AIIMSত চুৰিকাণ্ড ৷ পাঁচজনীয় চোৰৰ দলে নিশা AIIMS ত প্ৰৱেশ কৰি চুৰি কৰি নিয়ে প্ৰায় দহ লাখ টকা মূল্যৰ সামগ্ৰী ।

author img

By

Published : Oct 31, 2021, 8:11 PM IST

Thief Incident at Changsari AIIMS
চাংসাৰী AIIMSত নিশা চোৰৰ লুটপাট

চাংসাৰী, 31 অক্টোবৰ : কামৰূপৰ চাংসাৰিত নিৰ্মাণৰত AIIMS ত শনিবাৰৰ নিশা এটা চোৰৰ দলে প্ৰৱেশ কৰি লুটপাত চলায় । পাঁচজনীয়া চোৰৰ দলটোৱে নিশা কৌশলেৰে নিৰ্মীয়মান AIIMS চৌহদত প্ৰৱেশ কৰে ৷ চোৰৰ দলটোৱে AIIMS ৰ পৰা প্ৰায় দহ লাখ টকা মূল্যৰ সামগ্ৰী চুৰি কৰি নিয়ে ।

Thief Incident at Changsari AIIMS
চাংসাৰি AIIMSত নিশা চোৰৰ লুটপাত

এই চুৰিকাণ্ডৰ কথা অৱগত হোৱাৰ পাচতেই AIIMS ৰ নিৰ্মাণত জড়িত প্ৰতিষ্ঠান NCCয়ে ঘটনা সন্দৰ্ভত চাংসাৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰে । NCCৰ গোচৰৰ ভিত্তিত চাংসাৰি আৰক্ষীয়ে অভিযান চলাই পাঁচজনীয়া চোৰৰ দলটোক কৰায়ত্ব কৰে ৷

চাংসাৰি AIIMSত নিশা চোৰৰ লুটপাত

আটকাধীন চোৰকেইটা ক্ৰমে মইনুদ্দিন আহমেদ, চাহিল হুছেইন, চাদেক আলি, মহিমুদ্দিন আহমেদ আৰু কিশোৰ দাস বুলি জানিব পৰা হৈছে ৷ চাংসাৰি আৰক্ষীয়ে চোৰৰ দলটোৱে লুটপাতৰ সময়ত ব্যৱহাৰ কৰা দুখন বাহনো জব্দ কৰে ৷

লগতে পঢ়ক : লংকাত বেজালি কৰি আলহী হ’ল ৰঙাঘৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.