ETV Bharat / state

ৰঙিয়াত চিলনী চোৰৰ সন্দেহত এজনক উত্তম-মধ্যম

author img

By

Published : Apr 15, 2021, 7:24 PM IST

ৰঙিয়াৰ বালাগাঁৱত চিলনী চোৰৰ সন্দেহত এজন যুৱকক উত্তম-মধ্যম শোধালে স্থানীয় ৰাইজে । ৰাইজৰ অভিযোগ যুৱকজনে সোণৰ চেইন চুৰি কৰি পলায়ন কৰিছিল । বৰ্তমানেও সোণৰ চেইনৰ গৰাকী ওলোৱা নাই । সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত ।

ৰঙিয়াত চিলনী চোৰৰ সন্দেহত এজনক উত্তম মাধ্যম

ৰঙিয়া,১৫ এপ্ৰিল: কামৰূপ জিলাৰ কিছুমান অঞ্চলত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । এইবাৰ জিলাখনৰ ৰঙিয়াৰ বালাগাঁৱত চিলনী চোৰৰ সন্দেহত এজন যুৱকক উত্তম-মধ্যম শোধালে স্থানীয় ৰাইজে । ৰাইজৰ ৰোষৰ বলি হোৱা ব‍্যক্তিজনৰ নাম লুটফুৰ আলী ৷ জানিব পৰা মতে, এখন দুচকীয়া বাহনেৰে দ্ৰুতগতিত ৰঙিয়াৰ বালাগাঁৱৰ পিনে গৈ আছিল ব্যক্তিজনে । শ্মশান কালী মন্দিৰৰ সমীপত যুৱকজনৰ বাইকখন দুৰ্ঘটনাত পতিত হয় । ইয়াৰ পিছতে স্থানীয় একাংশ লোকে যুৱকজনক বান্ধি থৈ প্ৰহাৰ কৰে ।

উল্লেখ্য যে, যুৱকজনক এখন গাড়ীৰে একাংশ লোকে খেদি আহিছিল । ৰাইজৰ অভিযোগ যুৱকজনে সোণৰ চেইন চুৰি কৰি পলায়ন কৰিছিল । কিছুসময়ৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । আৰক্ষীৰ উপস্থিতিত যুৱকজন কোনোমতে ৰক্ষা পৰে ।

ৰঙিয়াত চিলনী চোৰৰ সন্দেহত এজনক উত্তম-মধ্যম

কোনোৱে কৈছে যুৱকজনে নিকটৱৰ্তী উদিয়ানাৰ পৰা সোণৰ চেইন চুৰি কৰিছে, আন কোনোৱে কৈছে বালাগাঁৱৰ পৰা চুৰি কৰিছে । কিন্তু বৰ্তমানেও সোণৰ চেইনৰ গৰাকী ওলোৱা নাই । সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত ।

লগতে পঢ়ক:পহিলা ব'হাগৰ দিনাই পিতৃ-মাতৃৰ সমাধিস্থলীত মূৰ দোৱালে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.