ETV Bharat / state

আৰক্ষীয়ে কৰায়ত্ত কৰিলে গ্ৰাহকৰূপী চোৰ - কাৰ্ফিউ

চিচিটিভি ফুটেজ চাই ৰঙিয়া আৰক্ষীয়ে আটক কৰিছে এটা গভাইত চোৰক ৷ চোৰটোৰ নাম মোজাম্মিল আলী ৷

thief arrested by rangia police
ৰঙিয়া আৰক্ষীৰ জালত এটা গভাইত চোৰ
author img

By

Published : Jul 22, 2021, 7:42 AM IST

ৰঙিয়া, 21 জুলাই : ৰঙিয়া আৰক্ষীৰ জালত পৰিল গ্ৰাহকৰূপী এটা চোৰ । দোকানত থকা চিচিটিভি ফুটেজ চাই আৰক্ষীয়ে কৰায়ত্ব কৰিলে চোৰটোক ৷ চোৰটোৰ নাম মোজাম্মিল আলী ৷

প্ৰাপ্ত তথ্য অনুসৰি লকডাউনৰ কাৰ্ফিউ চলি থকা সময়তেই এই চোৰটোৱে দোকানৰ পৰা চুৰি কৰিছিল । প্ৰথমে গ্ৰাহক ৰূপে দোকানলৈ অহা চোৰটোৱে দোকানত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দোকানৰ টকাৰ বাকচত হাত দিয়ে ৷ কিছুসময়ৰ পাচতে চোৰটোৱে বাকচটো লৈ যায় ৷

চুৰিৰ কথা গম পাই পিছত দোকানৰ মালিক মহেশ শৰ্মাই আৰক্ষীৰ কাষ চাপে । লগতে দোকানত লাগি থকা চিচিটিভিৰ ফুটেজ আৰক্ষীক জমা দিয়ে ৷ পিছত আৰক্ষীয়ে তদন্ত কৰি কুমাৰীকাটাৰ বাঁহবাৰীৰ পৰা মোজাম্মিল আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ৰঙিয়া আৰক্ষীৰ জালত এটা গভাইত চোৰ

আৰক্ষীৰ অভিযানত চুৰি হোৱা বাকচটোৰ লগতে চোৰটোৰ পৰা তিনিখন এটিএম কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, এটা মোবাইল ফোন জব্দ কৰে ৷ লগতে সমুদায় এক লাখ পঞ্চল্লিশ হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ জেৰাত ইতিমধ্যে চোৰটোৱে অন্যান্য বহু ঠাইত চুৰিকাণ্ড সংঘটিত কৰাৰ কথা সদৰি কৰিছে ৷

লগতে পঢ়ক: বজালীৰ ধুমাৰ পথাৰ আৰক্ষী চকীৰ পয়ালগা অৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.