ETV Bharat / state

গুৱাহাটী আৰু লক্ষিমপুৰত চোৰৰ দ্পদ্পনি - guwahati maligaon police arrested three thief

ৰাজ্যত চোৰৰ দ্পদ্পনি ৷ কি গুৱাহাটী কি লখিমপুৰ ৷ জালুকবাৰী আৰক্ষীৰ জালত কেইবাটাও দুধৰ্ষ চোৰ ৷ লখিমপুৰতো লুট-পাত চলালে "চিল্কালয়" নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ৷

thief arrested at lakhimpur and guwahati
ৰাজ্যত চোৰৰ দ্পদ্পনি
author img

By

Published : Dec 3, 2019, 7:33 PM IST

গুৱাহাটী বিহপুৰীয়া, 3 ডিচেম্বৰ : ৰাজ্যত চোৰৰ দ্পদ্পনি ৷ কি গুৱাহাটী কি লখিমপুৰ ৷ চোৰ হয়টো বহুত দেখিছে । কিন্ত আমি আপোনালোকক দেখুৱাম এটা চাকৰিয়াল চোৰ । দিনত নিৰাপত্তাৰক্ষীৰ কৰ্মত নিয়োজিত থাকি নিশা হ'লেই নামি পৰে চুৰিকাণ্ডত । মালিগাঁৱৰ এখন দোকানতে পাঁচবাৰকৈ চুৰ কৰি ছয়নম্বৰৰ দিনা অৰ্থাৎ সোমবাৰে নিশা হাতে লোটে ধৰা পৰে নলবাৰীৰ মিন্টু কলিতা ৷ দীৰ্ঘদিন ধৰি মিন্টু কলিতাৰ বাবেই আতংকিত হৈ আছিল মালিগাঁৱৰ ব্যৱসায়ীসকল । আৰক্ষীৰ জালত চোৰটো পৰাৰ পিছতেই স্বস্তিৰ নিশ্বাস লৈছে মালিগাঁৱৰ ব্যৱসায়ীসকলে । বৰ্তমান জালুকবাৰী আৰক্ষীৰ জিম্মাত নলবাৰীৰ মিন্টু কলিতা । হাতে- লোটে ধৰা পৰাৰ পিছত চুৰিকাণ্ডৰ কথা নিজ মুখেৰে আৰক্ষীৰ আগত ব্যক্ত কৰিলে মিন্টুয়ে । জালুকবাৰী আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আনহাতে জালুকবাৰী আৰক্ষীৰ জালত পৰে আৰু দুটা দুধৰ্ষ বাইক চোৰ । ধৃত চোৰ দুটা ছাহজাহান আলী আৰু মহৰুদ্দিন আলী । দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰে AS01DU6332 নম্বৰ এখন চুৰি বাইক ।

ৰাজ্যত চোৰৰ দ্পদ্পনি

ইফালে লখিমপুৰত আৰক্ষীক অপেন চেলেঞ্জ দি নিশা বিহপুৰীয়াত চোৰে চলালে অভিযান ৷ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ নগৰখনৰ মাজ মজিয়াত থকা "চিল্কালয়" নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চলালে লুটপাত ৷ লুটি নিলে প্ৰায় 10 লাখ টকাৰ পাট-মুগাৰ কাপোৰ । আৰক্ষীৰ নিষ্ক্ৰীয়তাৰ বিৰুদ্ধে গৰজি উঠিল বিহপুৰীয়া ৰাইজ । বন্ধ কৰি ৰাখিলে বিহপুৰীয়াৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । ঘটনাস্থলীত উচ্চ প্ৰদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ চোৰক ধৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে নিশাৰ পহৰা কটকটীয়া কৰাৰ আশ্বাস প্ৰদান কৰে । আৰক্ষীৰ লগতে ব্যৱসায়ীসকলৰ সন্দেহ নিশা গাড়ী লৈ অহা বৃহৎ ভ্ৰাম্যমাণৰ দলে চলাইছে চুৰি কাৰ্য ৷

ৰাজ্যত চোৰৰ দ্পদ্পনি

আৰু পঢ়ক : ধেমাজিত চোৰে থপিয়ালে টকা ভৰ্তি বেগ

Intro:চোৰ হয়টো আপুনি বহুত দেখিছে। আজি আমি আপোনাক দেখুৱাম এটা চাকৰিয়াল চোৰ। এইজনা চোৰে দিনত নিৰাপত্তাৰক্ষীৰ কৰ্মত নিয়োজিত থাকে আৰু নিশা হ'লেই নামি পৰে চুৰিকাণ্ডত। মালিগাঁৱৰ একেখন দোকানতে পাঁচবাৰকৈ চুৰিকাণ্ড সংঘটিত কৰিছিল এই চোৰে। কিন্তু ছয়বাৰৰ দিনা অৰ্থাৎ সোমবাৰে নিশা বাপুৰাৰ দষা বেয়া আছিল। চোৰ কৰিব আহোতেই হাতে লোটে ধৰে নলবাৰীৰ এইটো মিন্টু কলিতা নামৰ চোৰ। বৰ্তমান চোৰটো জালুকবাৰী আৰক্ষীৰ জিম্মাত। এই মিন্টু কলিতাৰ বাবেই দীৰ্ঘদিন ধৰি আতংকিত হৈ আছিল মালিগাঁৱৰ ব্যৱসায়ীসকল। চোৰটো আৰক্ষীৰ জালত পৰাৰ পিছতেই স্বস্তিৰ নিশ্বাস লৈছে ব্যৱসায়ীসকলে। ইফালে চুৰিকাণ্ড সংঘটিত কৰাৰ কথা আৰক্ষীৰ আগত প্ৰকাশ কৰিছে মিন্টুয়ে। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া। আনহাতে জালুকবাৰী আৰক্ষীৰ জালত পৰে আৰু দুটা দুৰ্ধৰ্ষ বাইক চোৰ। ধৃত চোৰ দুটাৰ নাম চাহজাহান আলী আৰু মহৰুদ্দিন আলী। দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰে AS01DU6332 নম্বৰ এখন চুৰি বাইক। Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.