ETV Bharat / state

উৎকট গৰমৰ পৰা কিছু পৰিত্ৰাণ পাব ৰাজ্যবাসীয়ে

দৈনিক ৩৬ৰ পৰা ৩৮ ডিগ্ৰী চেলছিয়াচ স্পৰ্শ কৰিছিল পাৰাস্তম্ভই । ইয়াৰ উপৰিও পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৫ আগষ্টৰ দিনটোত তাপমাত্ৰাই স্পৰ্শ কৰিছিল ৩৮.৬ ডিগ্ৰী চেলছিয়াচ ।

The people of the state will get some relief from the scorching heat
উৎকট গৰমৰ পৰা কিছু পৰিত্ৰাণ পাব ৰাজ্যবাসীয়েঃবতৰ বিজ্ঞান কেন্দ্ৰ
author img

By

Published : Aug 6, 2020, 10:12 PM IST

আজাৰা, 6আগষ্টঃ ৰাজ্যবাসীৰ বাবে কিছু সকাহ লৈ আহিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ অতিশীঘ্ৰে উৎকট গৰমৰ পৰা কিছু পৰিত্ৰাণ পাব ৰাজ্যবাসীয়ে ৷ আজিৰে পৰা আগন্তুক কেইদিনমানলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু কিছু ঠাইত বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

উৎকট গৰমৰ পৰা কিছু পৰিত্ৰাণ পাব ৰাজ্যবাসীয়েঃবতৰ বিজ্ঞান কেন্দ্ৰ

ইপিনে, দৈনিক ৩৬ৰ পৰা ৩৮ ডিগ্ৰী চেলছিয়াচ স্পৰ্শ কৰিছিল পাৰাস্তম্ভই । ইয়াৰ উপৰিও পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৫ আগষ্টৰ দিনটোত তাপমাত্ৰাই স্পৰ্শ কৰিছিল ৩৮.৬ ডিগ্ৰী চেলছিয়াচ ।

উল্লেখযোগ্য যে, ৰাজ্যত বিগত কিছুদিন ধৰি উৎকট গৰমে বাৰুকৈয়ে জ্বলা-কলা খুৱাইছিল ৰাজ্যবাসীক । আনহাতে, বংগোপসাগৰেৰে বোৱা নিম্নচাপৰ বায়ু বহু ওপৰলৈ উঠি যোৱা বাবেই গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ কথা জনায় বতৰ বিজ্ঞান কেন্দ্ৰই ৷

লগতে পঢ়কঃবিবাদিত ভূমিত হেলিপেড নিৰ্মাণ নেপালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.