ETV Bharat / state

মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব নেকি নোনা নৈ ? - The Nona river

প্ৰকৃতিয়ে সজীৱতাৰ সাঁজ পিন্ধাৰ সময়তে ৰঙিয়াবাসীলৈ নামি আহিছে ৰুক্ষতা ৷ নলবাৰী আৰু কামৰূপ গ্ৰাম্যৰ সীমাত থকা নোনা নৈয়ে ৰঙিয়াবাসীলৈ লৈ আহিছে ৰুক্ষতা ৷ সংগোপনে যেন মানচিত্ৰৰ পৰা নোহোৱা হোৱাৰ উপক্ৰম হৈছে নৈখন ৷ অস্বাভাৱিকভাৱে শুকাই যোৱা নৈখন এতিয়া ৰূপান্তৰিত হৈছে মৰুভূমিলৈ ৷

মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব নেকি নোনা নৈ ?

author img

By

Published : Apr 7, 2021, 10:59 AM IST

Updated : Apr 7, 2021, 12:02 PM IST

ৰঙিয়া,7 এপ্ৰিল : নিৰ্বাচনী ব্যস্ততা, কৰ'ণা আৰু দৈনন্দিন ব্যস্ততাৰ মাজতে প্ৰকৃতিৰ বুকুলৈ নামিছে বসন্ত ৷ প্ৰকৃতিয়ে সজীৱতাৰ সাঁজ পিন্ধাৰ সময়তে ৰঙিয়াবাসীলৈ নামি আহিছে ৰুক্ষতা ৷ নলবাৰী আৰু কামৰূপ গ্ৰাম্যৰ সীমাত থকা নোনা নৈয়ে ৰঙিয়াবাসীলৈ লৈ আহিছে ৰুক্ষতা ৷ সংগোপনে যেন মানচিত্ৰৰ পৰা নোহোৱা হোৱাৰ উপক্ৰম হৈছে নৈখন ৷ অস্বাভাৱিকভাৱে শুকাই যোৱা নৈখন এতিয়া ৰূপান্তৰিত হৈছে মৰুভূমিলৈ ৷ বিগত বছৰ সমূহত বাৰিষাত কালৰূপ ধাৰণ কৰা নৈখন হঠাৎ এনেদৰে শুকাই যোৱাত চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ কিয়নো খেতি প্ৰধান নৈপৰীয়া ৰাইজে পূৰ্বৰ পৰাই সম্পূৰ্ণৰূপে নৈখনৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে ৷

মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব নেকি নোনা নৈ ?

উল্লেখ্য যে, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা বৈ অহা নৈখনে সূঁতি সলাই ৰঙিয়াৰ ধুহিত মিলিছেগৈ বৰলীয়া নৈৰ সৈতে ৷ কিন্তু বছৰটোৰ বাৰমাহে পানীৰে উপচি থকা বৰলীয়া আৰু পাগলাদিয়াত এতিয়াও পানীৰ পৰ্যাপ্ত সোঁত থকাৰ পাচতো নোনা নৈত পানী নোহোৱাত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে স্থানীয় লোকৰ মাজত ৷ নৈখনত এটুপিও পানী নথকাত জৈৱ-বৈচিত্ৰ্যতো পৰিছে ঋণাত্মক প্ৰভাৱ । বনৰীয়া জীৱ-জন্তুৰ কথাটো বাদেই, পোহনীয়া গৰু-ছাগলীক পানী খুৱাবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে নৈপৰীয়া ৰাইজ ৷

ইফালে, জল সম্পদ বিভাগে নৈখন সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ৰাইজৰ প্ৰশ্ন, নৈৰ পানী শুকাই যোৱাটো কিহৰ আগজাননী ? কিয় বিষয়টো সন্দৰ্ভত কোনো ব্যৱস্থা লোৱা নাই বিভাগীয় কৰ্তৃপক্ষই ?

লগতে পঢ়ক: বিলাসীপাৰাত ভয়ংকৰ অগ্নিকাণ্ডত আহত ছয়

Last Updated : Apr 7, 2021, 12:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.