কামৰূপ, 18 ছেপ্তেম্বৰ : বকোৰ নতুন কাঠমি কহিনুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰফান আলী খানৰ বিৰুদ্ধে এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, 55 বৰ্ষীয় প্ৰধান শিক্ষকগৰাকীয়ে শিক্ষক দিৱসৰ দিনাই ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলায় ৷ শিক্ষকৰ কোঠালৈ মাতি নি ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা হয় বুলি অভিযোগ উত্থাপন হৈছে ৷ সমগ্ৰ ঘটনাৰ পাছতে প্ৰধান শিক্ষকগৰাকীক বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
অভিযোগ অনুসৰি, প্ৰথমে সমগ্ৰ ঘটনাক গাপ দিবলৈ চেষ্টা চলাইছিল প্ৰধান শিক্ষক আৰফান আলীৰ দেৱানী চক্ৰই । ধন লেন - দেনেৰে দেৱানী চক্ৰই অভিযুক্ত শিক্ষকগৰাকীক দোষমুক্ত কৰিব বিচাৰিছিল ৷ ছাত্ৰীগৰাকীৰ পিতৃক ভয় - ভাবুকি আৰু উৎকোচ দি সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰা হৈছিল ৷ কিন্তু ঘটনা সন্দৰ্ভত বকো চাইল্ড লাইন অৱগত হোৱাত চাইল্ড ৱেলফেয়াৰ কমিটিৰ নিৰ্দেশত 9 ছেপ্তেম্বৰত এক গোচৰ ৰুজু কৰে ৷ সেই গোচৰৰ ভিত্তিতে মঙলবাৰে নিশা প্ৰধান শিক্ষক আৰফান আলী খানক গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে ।
ঘটনাৰ সৈতে জড়িত থকা দেৱানী, দালালিক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনে । শিক্ষক দিৱসৰ দিনাই শিক্ষকৰূপী বিকৃত মানসিকতাৰ লোকৰ হাতত তৃতীয় শ্ৰেণীৰ ছাত্ৰী নিৰ্যাতিত হোৱা ঘটনা পোহৰলৈ অহাৰ পিছত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।