ETV Bharat / state

বকোৰ হাহিমত নৱনিৰ্মিত পকীপথৰ শুভ উদ্বোধন কৰিলে টংকেশ্বৰ ৰাভাই - বকোৰ হাহিম পথ

বকোৰ হাহিম পথৰ পৰা মৌমান বৰগাঁও সংযোগী নৱনিৰ্মিত পথৰ শুভ উদ্বোধন । পথটো উদ্বোধন কৰিলে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই । অনুষ্ঠানত অংশ লৈ ৰাইজৰ লগতে এপাক নাচিলে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ।

বকোৰ হাহিমত নৱনিৰ্মিত পকীপথৰ শুভ উদ্বোধন কৰিলে টংকেশ্বৰ ৰাভাই

author img

By

Published : Jan 28, 2021, 5:41 PM IST

বকো, ২৮ জানুৱাৰী: বৃহস্পতিবাৰে বকোৰ হাহিম পথ আৰু মৌমান বৰগাঁও সংযোগী পথৰ শুভ উদ্বোধন কৰিলে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই । ২০১৯-২০ বিত্তীয় বৰ্ষত আবণ্টিত পুঁজিৰে হাহিম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই পকী পথটোৰ নিৰ্মাণ কৰা হৈছে । বৃহস্পতি বাৰে নৱনিৰ্মিত পথটো উদ্বোধন কৰাৰ পাছতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে ৰাভাই ।

বকোৰ হাহিমত নৱনিৰ্মিত পকীপথৰ শুভ উদ্বোধন কৰিলে টংকেশ্বৰ ৰাভাই

এই কাৰ্যসূচীত মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ সৈতে উপস্থিত থাকে পথটো নিৰ্মাণ কৰা ঠিকাদাৰ তথা বকোৰ বিশিষ্ট সমাজকৰ্মী হিৰণ্য পাঠক, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা, সোণাৰাম ৰাভা, আদিত্য ৰাভা, নগৰমল স্বৰ্গীয়াৰী, সাধাৰণ সদস্য ফ্ৰাইলিন আৰ মাৰাক, অৰ্জুন ছেত্ৰী । লগতে কামৰূপ জিলা পৰিষদৰ উপ-সভাপতি কম্বুৰাম ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক নোমল ৰাভাসহ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

নৱনিৰ্মিত পথটো উদ্বোধন কৰি গাঁৱৰ মহিলাৰ সৈতে এপাক নাচিলে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই । আনহাতে, বহু বছৰ ধৰি যাতায়াতৰ নামত হাৰাশাস্তি ভূগি অহা ৰাইজে পকীপথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাত আনন্দিত হৈ পৰিছে ।

লগতে পঢ়ক:উত্তৰ তিতাপানী সমবায় সমিতিত উত্তেজনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.