বকো, 27 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে বকোত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । পাৰিবাৰিক কন্দলৰ বাবে ককায়েক সোণাৰাম বড়োই ভায়েক ৰহেশ্বৰ বড়োক হত্যা কৰাৰ অভিযোগ উখাপন হৈছে ।
তথ্য অনুসৰি, বকো থানাৰ অন্তৰ্গত সিজুবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা । দুপৰীয়া প্ৰায় 11 বজাত সংঘটিত হৈছে ঘটনাটো । ঘটনা সংঘটিত হোৱাৰ পিচতেই বকোৰ হাহিম পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ সোণাৰাম বড়োক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰহেশ্বৰ বড়োৰ মৃতদেহটো উদ্ধাৰ কৰি বকো থানালৈ লৈ আহে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : বিধায়ক প্ৰশান্ত ফুকনৰ সমষ্টিত 15 বছৰে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এজন লোক